Tea labor protest : প্ৰাপ্য মজুৰিৰ দাবীত ডিপ্লিং চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Dec 12, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰে চাহ বাগিচা শ্ৰমিকৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা লগতে বহু অভিলাষী আঁচনি ঘোষণা কৰি আহিছে ৷ কিন্তু ইমানৰ পাচতো বহু চাহ শ্ৰমিকে আজিও প্ৰাপ্য অধিকাৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ প্ৰাপ্য অধিকাৰ বিচাৰি সোমবাৰে ডিপ্লিং চাহ বাগিচাত তিনি ঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে (Tea labor protest) ৷ দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা শ্ৰমিকৰ বকেয়া তথা ভৱিষ্য নিধিৰ ধন শীঘ্ৰে মোকলাই দিয়াৰ দাবীত সোমবাৰে তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকসকলে ৷ ডিপ্লিং আৰু ডুৰিবাম চাহ মজদুৰ ইউনিয়ন আৰু শ্ৰমিকৰ সহযোগত অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় (Tea labor protest at Deepling tea estate)৷ ইফালে অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাক লীজত দিয়াৰো বিৰোধিতা কৰে প্ৰতিবাদী চাহ শ্ৰমিকসকলে ৷ দীৰ্ঘদিনে মোকলাই নিদিয়া ভৱিষ্য নিধিৰ ধন অতি সোনকালে মোকলাই নিদিলে ব্যাপক জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে চাহ শ্ৰমিকসকলে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.