ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী - HUMAN TRAFFICKER ARRESTED - HUMAN TRAFFICKER ARRESTED

🎬 Watch Now: Feature Video

thumbnail
ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী (Source : Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 19, 2024 at 10:33 PM IST

1 Min Read
Choose ETV Bharat

কৰিমগঞ্জ, 19 মে’: ত্ৰিপুৰাত পুনৰ নিয়াৰ অভিযান ৷ মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, 40 বছৰীয়া হন্নান মিঞা নামৰ ব্যক্তিগৰাকী এই অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে ৷ উক্ত ব্যক্তিজন ৰাজ্যখনৰ ছিপাহিজালা জিলাৰ আমতালি থানাৰ অন্তৰ্গত ফুলতলী মাটিনগৰ অঞ্চলৰ বাসিন্দা ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৰ নিৰ্দেশমৰ্মে বিশালগড় আৰক্ষীয়ে শনিবাৰে নিশা লোকজনক গ্ৰেপ্তাৰ কৰি দেওবাৰে সংস্থাক হস্তান্তৰ কৰে ৷

মহানগৰ গুৱাহাটীস্থিত নিয়াৰ কাৰ্যালয়ৰ পৰা উপ আৰক্ষী অধীক্ষক সাজিমন পিৰ নেতৃত্বাধীন তিনিজনীয়া এটা আৰক্ষীৰ দলে বিশালগড় থানাৰ পৰা ব্যক্তিগৰাকীক লৈ দেওবাৰে বিশেষ চাৰ্টাৰ্ড বিমানেৰে গুৱাহাটীলৈ নিয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 8 নৱেম্বৰত ত্ৰিপুৰাত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 25 জন মানৱ সৰবৰাহকাৰীক ৷

লগতে পঢ়ক: বহিঃৰাজ্যত চাকৰি দিয়াৰ কথা শুনিয়েই ভোল নাযাব

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details