ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী - HUMAN TRAFFICKER ARRESTED

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:33 PM IST

thumbnail
ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী (Source : Etv Bharat Assam)

কৰিমগঞ্জ, 19 মে’: ত্ৰিপুৰাত পুনৰ নিয়াৰ অভিযান ৷ মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, 40 বছৰীয়া হন্নান মিঞা নামৰ ব্যক্তিগৰাকী এই অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে ৷ উক্ত ব্যক্তিজন ৰাজ্যখনৰ ছিপাহিজালা জিলাৰ আমতালি থানাৰ অন্তৰ্গত ফুলতলী মাটিনগৰ অঞ্চলৰ বাসিন্দা ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৰ নিৰ্দেশমৰ্মে বিশালগড় আৰক্ষীয়ে শনিবাৰে নিশা লোকজনক গ্ৰেপ্তাৰ কৰি দেওবাৰে সংস্থাক হস্তান্তৰ কৰে ৷

মহানগৰ গুৱাহাটীস্থিত নিয়াৰ কাৰ্যালয়ৰ পৰা উপ আৰক্ষী অধীক্ষক সাজিমন পিৰ নেতৃত্বাধীন তিনিজনীয়া এটা আৰক্ষীৰ দলে বিশালগড় থানাৰ পৰা ব্যক্তিগৰাকীক লৈ দেওবাৰে বিশেষ চাৰ্টাৰ্ড বিমানেৰে গুৱাহাটীলৈ নিয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 8 নৱেম্বৰত ত্ৰিপুৰাত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 25 জন মানৱ সৰবৰাহকাৰীক ৷

লগতে পঢ়ক: বহিঃৰাজ্যত চাকৰি দিয়াৰ কথা শুনিয়েই ভোল নাযাব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.