ETV Bharat / state

বহিঃৰাজ্যত চাকৰি দিয়াৰ কথা শুনিয়েই ভোল নাযাব

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 8:19 AM IST

biswanath police arrest three people in connection with Human Trafficking
গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী

বিশ্বনাথত বৰ্তমানেও সক্ৰিয় মানৱ সৰবৰাহকাৰী দল । প্ৰলোভনৰে বহিঃৰাজ্যলৈ নিব খোজা তেৰগৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ ৷ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী ৷

বিশ্বনাথ, ১১ জানুৱাৰী : বিশ্বনাথত বৰ্তমানেও সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰী দল । প্ৰলোভনেৰে বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ এই ধাৰাবাহিকতা কিছু স্তিমিত হৈছিল যদিও বৰ্তমান পুনৰ আৰম্ভ হৈছে । এই অসৎ চক্ৰটোৰ কাৰ্যকলাপ বুধবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে উন্মোচন কৰিবলৈ সক্ষম হৈছে ।

বুধবাৰে জিলা আৰক্ষীৰ অভিযানত ৰঙাপৰা ৰেল ষ্টেছনৰ পৰা তেৰগৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰৰ লগতে মহিলাসহ তিনি মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ ভিতৰত মূল অভিযুক্ত হ’ল সূৰজ নাহক আৰু তেওঁৰ পত্নী সৰস্বতী নাহক ৷ আন এজন অভিযুক্ত হৈছে হাবিব আলি ।

বিশ্বনাথ জিলাৰ জিনজিয়া থানাৰ অন্তৰ্গত উত্তৰ জিনজিয়া, জিনজিয়া চাহ-বাগিচা আৰু ৰতোৱাৰ পৰা এই মানৱ সৰবৰাহকাৰী দলটোৱে এই তেৰগৰাকী কিশোৰ-কিশোৰীক বহিঃৰাজ্য উত্তৰ প্ৰদেশত কামৰ প্ৰলোভন দি ৰে’ল যোগে নিয়াৰ চেষ্টা কৰোতেই বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱাই তথ্য লাভ কৰে । এই তথ্যৰ ভিত্তিত লগে লগে বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক নৱজিৎ দাস বাঘৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল ৰঙাপৰা ৰেল ষ্টেচনত উপস্থিত হয় ৷

এই অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে এই তেৰগৰাকী কিশোৰ-কিশোৰীক । এই তেৰগৰাকী কিশোৰ-কিশোৰীৰ ভিতৰত ৯ গৰাকী হৈছে কিশোৰ আৰু চাৰি গৰাকী হৈছে কিশোৰী । ইতিমধ্যে এই কিশোৰ-কিশোৰীক জিনজিয়া আৰক্ষী থানাই নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে গ্ৰেপ্তাৰ কৰা হৈছে তিনি মানৱ সৰবৰাহকাৰীক । এওঁলোককো অধিক সোধা-পোছা চলাই আছে যদিও এই কাৰ্যত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জিনজিয়া আৰক্ষীয়ে । তদন্তৰ খাতিৰত সমস্ত তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে । অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত আৰু বহু ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : প্ৰেমৰ প্ৰলোভন দি যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.