অ’ মা আমি বজাৰলৈ যাঁও... প্ৰকৃততে ক’লৈ গ’ল দুই বোৱাৰী ? - women missing - WOMEN MISSING

🎬 Watch Now: Feature Video

thumbnail
অ’ মা আমি বজাৰলৈ যাঁও...প্ৰকৃততে ক’লৈ গৈছিল দুই বোৱাৰী ? (etv bharat assam)

By ETV Bharat Assamese Team

Published : May 20, 2024 at 1:30 PM IST

|

Updated : May 20, 2024 at 1:49 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট, 20 মে’ : "অ’ মা আমি বজাৰৰ পৰা আহোগৈ ৷ দুটামান সৰু-সুৰা বস্তু লাগতিয়াল হৈ আছে, তাকেই লৈ আহোগৈ ৷" শাহুৱেকক ডাঙৰ বোৱাৰীয়েকে ক’লেহি এই কথা ৷ বোৱাৰীয়েক বজাৰলৈ যাব বুলি শুনি শাহুৱেকেও ঘৰৰ দুই-এপদ সামগ্ৰী আনিবলৈ দি সোনকালে ঘৰ সোমাবলৈ দিলে বোৱাৰীদ্বয়ক ৷ তাৰ পিচত কথামতেই হাতত এহাজাৰ টকা এটা লৈ দুই বোৱাৰীয়ে বাট বুলিলে মঙলবৰীয়া বজাৰলৈ ৷

এই ঘটনা হৈছে যোৱা 7 মে’ৰ ৷ গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ অন্তৰ্গত চাউদাং পথাৰ ৰূপালীচুকৰ দুগৰাকী বোৱাৰী মঙলবাৰে বজাৰলৈ যাঁও বুলি যোৱাৰ পিচত আৰু ঘৰলৈ উভতি নাহিল ৷ তাৰ পিচৰে পৰা বিগত 13 দিন ধৰি নিৰুদ্দেশ হৈ আছে দুয়োগৰাকী বোৱাৰী ৷ দুই বোৱাৰী সম্বন্ধত জা-জোৱালি ৷

ঘড়়ীৰ সময় চাইহে চাই কিন্তু ঘৰলৈ নাহিল দুই বোৱাৰী ৷ এনেকৈ পাৰ হ’ল 13 টা দিন ৷ দিন বাগৰি যোৱাৰ লগে লগে দুই বোৱাৰীৰ অপক্ষাত ঘৰৰ লোকৰ খাৱন-শোৱন নোহোৱা গৈছে ৷ দুয়োগৰাকী বোৱাৰীৰ চাৰি বছৰীয়া দুটাকৈ পুত্ৰ সন্তান আছে ৷

নিৰুদ্দেশ হোৱা বোৱাৰীদ্বয়ৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি তেওঁলোকে দুপৰীয়া 12 বজাতে ঘৰ আহি পাম বুলি কৈ ওলাই গৈছিল ৷  অৱশেষত উপায়ন্তৰ হৈ মেৰাপানী আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ এই ঘটনা সম্পৰ্কে এখন লিখিত অভিযোগ দাখিল কৰিছে বোৱাৰী দুগৰাকীৰ পৰিয়ালৰ লোকে । বৰ্তমানলৈকে আৰক্ষীয়েও বিচাৰ খোচাৰ কৰিছে যদিও কোনোধৰণৰ শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই বোৱাৰীদ্বয়ৰ ।

এতিয়া প্ৰশ্ন হয় যে, মেৰাপানী অঞ্চলত বিগত দিনটো এনে ঘটনা সংঘটিত হৈ অহাৰ পিচত কিয় নিৰ্বিকাৰ ভূমিকা পালন কৰিছে আৰক্ষীয়ে ৷ প্ৰকৃততে বোৱাৰী দুগৰাকী ক’লৈ গ’ল ?

লগতে পঢ়ক: Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?

Last Updated : May 20, 2024 at 1:49 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details