তদন্তৰ নামত নিৰ্দোষী যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ: কয়াকুছিত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - Allegation against police

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:39 PM IST

thumbnail
কয়াকুছিত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ (ETV Bharat Assam)

বৰপেটা, ১৯ মে’ : বৰপেটাৰ কয়াকুছিত আৰক্ষীৰ বৰ্বৰতাত ক্ষুন্ন স্থানীয় লোক ৷ তদন্তৰ নামত নিৰ্দোষী যুৱকক প্ৰহাৰৰ অভিযোগ কৰি কয়াকুছি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ ৷

কয়াকুছিৰ ভৌকামাৰী গাঁৱৰ সফি আলম নামৰ গাঁওৰক্ষী বাহিনীৰ সদস্যগৰাকীক বিনা দোষত আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ । ৰাইজৰ ভাষ্য অনুসৰি কয়াকুছিৰ ভৌকামাৰী গাঁৱৰ মোছলেম উদ্দিন নামৰ এজন লোকৰ ঘৰত আচামী বিচাৰী গৈছিল কয়াকুছি আৰক্ষী চকীৰ এটা দল ৷ পিচে আৰক্ষীৰ আগমনৰ খবৰ পাই পলায়ন কৰে অভিযুক্তই ।

ইয়াৰ পিচতে আৰক্ষীয়ে ছফি আলম নামৰ গাঁওৰক্ষী বাহিনীৰ সদস্যগৰাকীক নিৰ্দেশ দিয়ে মোছলেম উদ্দিনক ধৰি আনিবলৈ ৷ ইয়াকে লৈ হোৱা বাক-বিতণ্ডাৰ মাজতে আৰক্ষী কনিষ্টবল ছামছুল হকে যুৱকজনক প্ৰহাৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

স্থানীয় লোকে আৰক্ষীৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে আৰক্ষীৰ দলটোক আৱদ্ধ কৰি ৰাখে ৷ এই খবৰ লাভ কৰি কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ আৱদ্ধ হৈ থকা আৰক্ষীৰ দলটোক উদ্ধাৰ কৰি আনে ৷

লগতে পঢ়ক: থানাৰ শৌচাগাৰত সোমাই হেণ্ডকাফসহ অন্তৰ্ধান লটিফ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.