ETV Bharat / state

থানাৰ শৌচাগাৰত সোমাই হেণ্ডকাফসহ অন্তৰ্ধান লটিফ - Accused escapes from PS

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:18 PM IST

Hatigaon police station: পুৱা ধৰি অনা ডকাইতিৰ অভিযুক্তই ধূলি দিলে আৰক্ষীৰ চকুত ৷ শৌচাগাৰত সোমাই অন্তৰ্ধান হ’ল লটিফ নামৰ এটা আচামী ৷ বৰ্তমানেও শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷

ACCUSED ESCAPES FROM POLICE CUSTODY
ACCUSED ESCAPES FROM PS (ETV Bharat Assam)

গুৱাহাটী, 19 মে’: পুনৰ অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী ৷ হেণ্ডকাফসহ থানাৰ পৰাই পলায়ন কৰিলে আচামীয়ে ৷ গমেই নাপালে স্মাৰ্ট অসম আৰক্ষীয়ে ৷ ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ হাতীগাঁও থানাত ৷ দেওবাৰে হাতীগাঁও থানাৰ পৰা হেণ্ডকাফ লগাই থোৱা অৱস্থাতেই পলায়ন কৰে এটা আচামীয়ে । আৰক্ষীৰ সন্মুখতে থানাৰ পৰা আচামীৰ পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হাতীগাঁও আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই পলায়ন কৰিবলৈ সুবিধা পালে আচামীয়ে । দেওবাৰে পুৱাৰ ভাগত এটা ডকাইতিৰ গোচৰত আৰক্ষীয়ে আটক কৰিছিল লটিফ আলি নামৰ এজন যুৱকক । থানালৈ লৈ অহাৰ পিচতে আচামীটোৱে শৌচালয়লৈ যাব বিচাৰে

লটিফক শৌচাগাৰলৈ নিয়াৰ পিচতে আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাফসহ থানাৰ পৰা দেৱাল পাৰ হৈ পলায়ন কৰে । লগে লগে হাতীগাঁও আৰক্ষী থানাত হুৱাদুৱা লাগে । পিছত আচামীক বিচাৰি হাতীগাঁও আৰক্ষীয়ে হাবাথুৰি খাই ফুৰে হাতীগাঁও আৰক্ষীৰ প্ৰতিজন লোক । বৰ্তমানলৈ পলাতক আচামীটোক আটক কৰিবলৈ সক্ষম হোৱা নাই হাতীগাঁও আৰক্ষী ।

লগতে পঢ়ক: ছাগলী নিছিল বিস্কুট খুৱাই: নিজে এতিয়া খাইছে ঔকিল - asam goat smuggling

উল্লেখ্য যে হাতীগাঁও আৰক্ষীৰ চৰম ব্যৰ্থতাৰ বাবেই সঘনাই পলায়ন কৰে আচামীয়ে । ইয়াৰ কিছুদিন পূৰ্বেও হাতীগাঁও থানাৰ পৰা আচামী পলায়ন কৰা ঘটনা সংঘটিত হৈছিল । দেওবাৰে পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটাৰ পিছতে হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত মৌনতা অৱলম্বন কৰি গাপ দিয়াৰ চেষ্টা কৰে ।

এতিয়া প্ৰশ্ন হয় কাৰ গাফিলতিৰ বাবে বাৰে বাৰে থানাখনত এনেধৰণৰ ঘটনা সংঘটিত হয় ? আজিৰ এই ঘটনাৰ পিচত মহানগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: খানাৰাৰাত STF ৰ জালত ৯২ হাজাৰ নকল নোটসহ তিনি সৰবৰাহকাৰী - Fake notes seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.