ছাগলী নিছিল বিস্কুট খুৱাই: নিজে এতিয়া খাইছে ঔকিল - asam goat smuggling

By ETV Bharat Assamese Team

Published : May 18, 2024, 10:05 PM IST

thumbnail
ছাগলী চোৰৰ উপদ্ৰৱ (etv bharat)

ডিব্ৰুগড়, 18 মে’: উজনিত এতিয়া গৰু আৰু ছাগলীৰ চোৰৰ সন্ত্ৰাস । সহজে ধন ঘটিবলৈ একাংশই বিলাসী বাহনত গৰু-ছাগলী চুৰি কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে শনিবাৰে সোণাৰিৰ ভজোত এটা ছাগলী চোৰক আটক কৰিলে ৰাইজে ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিলাসী বাহনৰ পৰা নামি ছাগলী চোৰে ছাগলীক বিস্কুট খুৱাই আছিল ৷ তাৰ মাজত অকস্মাতে ছাগলী ধৰি গাড়ীত উঠাই দিয়ে চোৰটোৱে ৷ ফোন কৰি খবৰ দিয়া বিচাৰ-খোচাৰ লগাৰ অন্তত ছাগলী চোৰক কৰায়ত্ত কৰে স্থানীয় ৰাইজে । বিলাসী বাহনখনৰ পৰা ১০ টাতকৈ অধিক চুৰি ছাগলী উদ্ধাৰ কৰিছে ৰাইজে । এটা চোৰক ধৰি ৰাইজে উত্তম মধ্যম শোধোৱাৰ লগতে আন দুটা টোৰ পলাই যাবলৈ সক্ষম হয় । AS 01 AP 7527 গাড়ীখনেৰে ছাগলী চুৰি কৰি লৈ গৈ থাকোতে স্থানীয় ৰাইজে ধৰি চোৰটোক গটাই দিয়ে আৰক্ষীক ।

লগতে পঢ়ক : জয়সাগৰত ৪ ছাগলী চোৰক উত্তম-মধ্য়ম সোধাই ৰাইজে গতালে আৰক্ষীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.