মণিপুৰত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ , বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - Militants arrested in Manipur
Violence in Manipur: মণিপুৰত হিংসাৰ দাবানলৰ মাজতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ । সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত সক্ৰিয় গুলীও সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে ।

Published : June 18, 2024 at 9:00 PM IST
তেজপুৰ, ১৮ জুন : হিংসা জৰ্জৰিত মণিপুৰৰ পাহাৰীয়া অঞ্চলত সুৰক্ষা বাহিনীয়ে এক অভিযান চলাই তিনিজন সশস্ত্ৰ বিদ্ৰোহী গোটৰ সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা সদস্য তিনিজন হৈছে কে ৱাই কে এলৰ থিয়াম লুখয় লুৱাং (২১), কে ৱাই কে এলৰ কেইছাম প্ৰেমচান্দ সিং (২৪ ), আৰু কে চি পি নয়নৰ ইনাওবি খুন্দ্ৰাকপাম (২০)। আনহাতে, মণিপুৰ আৰক্ষীৰ লগতে সুৰক্ষা বাহিনীৰ লোকে কাংপকপি জিলাৰ পৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে ।
সুৰক্ষা বাহিনীৰ বিষয়াই এই বিষয়ে সদৰী কৰি কয় যে অভিযানৰ সময়ত এটা ৭.৬২মিমি এ কে ৫৬ এছাল্ট ৰাইফল, এটা পিটি, ২২টা ৰাইফল, এটা ব’ৰ বেৰেল গান, দুটা ইম্প্ৰভাইজড প্ৰজেক্টাইল লঞ্চাৰ, এটা চাইনিজ হেণ্ড গ্ৰেনেড,এটা দেশত নিৰ্মিত হেণ্ড গ্ৰেনেড, এটা ৫১মিমি মৰ্টেল আৰু ১৫ টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে । কাংপকপি জিলাৰ গাংপিজাং হিল ৰেঞ্জৰ পৰা সক্ৰিয় গুলীও সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে ।
ইফালে, জিৰিবাম অঞ্চলত নতুন ঘটনা সংঘটিত হোৱা তথ্য নাই যদিও জিলাখনত চেপা উত্তেজনা অব্যাহত আছে । পাহাৰীয়া ৰাজ্যখনৰ চৌদিশে উমি উমি জ্বলি থকা হিংসাৰ দাবানলে সাধাৰণ জনতাৰ মাজত প্ৰতি মুহুৰ্ততে আশংকা বৃদ্ধি কৰিছে । ইয়াৰ সমান্তৰাল ভাৱে ৰাজনৈতিক দল-সংগঠনে এই হিংসাত্মক ঘটনা প্ৰতিৰোধৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই । অলপতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান মোহন ভগবতে মণিপুৰৰ সমস্যাৰ সমাধানৰ বাবে প্ৰশ্ন উত্থাপন কৰিছিল যদিও পুনৰ শাসনৰ গাদীত বহা নতুন চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে পৰিস্ফুট হ'ব ।

