ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে সাক্ষাৎকাৰত বহিল গৌতম গম্ভীৰ - Team India Head Coach
Gautam Gambhir: ভাৰতৰ প্ৰাক্তন বেটছমেন গৌতম গম্ভীৰ ১৮ জুনত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হয় । কিন্তু সাক্ষাৎকাৰৰ এটা ৰাউণ্ডহে অনুষ্ঠিত হ’ল আৰু আন এটা ৰাউণ্ড হ’বলৈ এতিয়াও বাকী আছে ।


Published : June 18, 2024 at 8:39 PM IST
নিউজ ডেস্ক, 18 জুন: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে বুধবাৰে সাক্ষাৎকাৰত অৱতীৰ্ণ হয় ভাৰতৰ প্ৰাক্তন বেটছমেন গৌতম গম্ভীৰ । ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হ’ব বুলি ইতিমধ্যেই গম্ভীৰৰ নাম সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে ।
এটা সূত্ৰই প্ৰকাশ কৰা মতে, ভাৰতৰ প্ৰাক্তন বেটছমেনগৰাকীক ক্ৰিকেট পৰামৰ্শদাতা কমিটীৰ অধ্যক্ষ অশোক মালহোত্ৰা, ভাৰতৰ প্ৰাক্তন খেলুৱৈ যতীন পৰঞ্জপে আৰু সুলক্ষনা নাইকে সাক্ষাৎকাৰ লৈছিল । এই সাক্ষাৎকাৰ অহা তিনি বছৰৰ বাবে ভাৰতে আই চি চি ট্ৰফীৰ খৰাঙৰ অন্ত পেলাবলৈ চলোৱা প্ৰচেষ্টাৰ এক ৰোডমেপ হ’ব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক: মুখ্য প্ৰশিক্ষক হ'বলৈ সম্পূৰ্ণ সাজু গৌতম গম্ভীৰ - India Team New Head Coach
বুজা গৈছে যে ক্ৰিকেট পৰামৰ্শদাতা কমিটীয়ে বিচিচিআইৰ এপেক্স কাউন্সিলক পৰামৰ্শ দিয়ে, যিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । সাধাৰণতে ক্ৰিকেট পৰামৰ্শদাতা কমিটীৰ পৰামৰ্শক শীৰ্ষ পৰিষদে আওকাণ নকৰে । এই ক্ষেত্ৰত নিশ্চিতভাৱে ক’ব পাৰি যে যিহেতু গম্ভীৰ একমাত্ৰ প্ৰাৰ্থী যিয়ে হাই প্ৰফাইল পদটোৰ বাবে আবেদন কৰিছে, সেয়েহে তেওঁ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক তথা ভাৰতৰ প্ৰাক্তন বেটছমেন ৰাহুল দ্ৰাবিড়ৰ পৰা দায়িত্ব লোৱাৰ সম্ভাৱনা বেছি ।
লগতে পঢ়ক: মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰৰ ইতিবাচক আৰু নেতিবাচক দিশ - Gautam Gambhir as head coach
শেহতীয়াকৈ গম্ভীৰে কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ক দলটোৰ প্ৰশিক্ষক হিচাপে তৃতীয়টো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ) খিতাপ দখল কৰিবলৈ পথ প্ৰদৰ্শন কৰে । টি-২০ বিশ্বকাপৰ শেষৰ ফালে দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যকাল সমাপ্ত হ’ব আৰু সেয়েহে দ্ৰাবিড়ৰ পিচত গম্ভীৰে দলটোক প্ৰশিক্ষণ দিয়াৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে দ্ৰাবিড়ে নিজৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছিল যদিও ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এই পদৰ বাবে পুনৰ আবেদন কৰা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে ।
লগতে পঢ়ক: গৌতম গম্ভীৰেই হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ! - TEAM INDIA NEW HEAD COACH
২০০৭ চনত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটোৱে প্ৰথম টি-২০ বিশ্বকাপ জয় কৰাৰ সময়ত আৰু ২০১১ চনত ভাৰতে দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰাৰ সময়ত গম্ভীৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল । গম্ভীৰ ৫৮ খন টেষ্ট, ১৪৭খন এদিনীয়া আৰু ৩৭খন টি-২০ মেচ খেলিছে । ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব বিচাৰিব বুলিও তেওঁ পূৰ্বেও কৈছিল । বিজেপিৰ এগৰাকী প্ৰাক্তন সাংসদ গম্ভীৰে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছিল ।
লগতে পঢ়ক: নিৰ্বাচকৰ ভৰি স্পৰ্শ নকৰাৰ বাবেই দলত স্থান পোৱা নাছিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে - Gautam Gambhir

