ETV Bharat / bharat

Phase out 2000 rupee notes; 2000 টকাৰ নোট বাতিল কৰক : ৰাজ্যসভাত দাবী বিজেপি সাংসদৰ

author img

By

Published : Dec 12, 2022, 10:55 PM IST

Phase out 2,000 rupee notes, BJP MP demands in Rajya Sabha
Phase out 2000 rupee notes: 2000 টকাৰ নোট বাতিল কৰক- ৰাজ্যসভাত দাবী বিজেপি সাংসদৰ

দেশজুৰি বন্ধ হ’ব নেকি 2000 টকাৰ নোট (Phase out 2000 rupee notes) ! সোমবাৰে ৰাজ্যসভাত 2,000 টকাৰ মুদ্ৰা নোট ক্ৰমান্বয়ে বন্ধ কৰাৰ দাবী উত্থাপন কৰে বিজেপি সাংসদ সুশীল কুমাৰ মোডীয়ে (BJP MP Sushil Kumar Modi)৷

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ: দেশজুৰি বন্ধ হ’ব নেকি 2000 টকাৰ নোট (Phase out 2000 rupee notes)! সোমবাৰে ৰাজ্যসভাত 2,000 টকাৰ মুদ্ৰা নোট ক্ৰমান্বয়ে বন্ধ কৰাৰ দাবী উত্থাপন কৰে বিজেপি সাংসদ সুশীল কুমাৰ মোডীয়ে (BJP MP Sushil Kumar Modi )৷ তেওঁ কয় যে, 2,000 টকীয়া নোট থকা নাগৰিকসকলক নোটসমূহ জমা কৰিবলৈ দুবছৰ সময় দিয়া উচিত।

সদনত শূণ্য ঘণ্টাৰ ভিতৰতে এই বিষয়টো উত্থাপন কৰি তেওঁ কয় যে, (BJP MP demands in Rajya Sabha) দেশৰ বেছিভাগ এটিএমত 2,000 টকাৰ নোট নাইকিয়া হৈছে (2000 rs notes vanished from most ATM)৷ সেইবাবে অচিৰেই আইনী নিবিদা নহ'ব পাৰে বুলি উৰাবাতৰি ওলাইছে ৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (Reserve Bank Of India) 3 বছৰ আগতে 2,000 টকাৰ মুদ্ৰা নোট ছপা কৰা বন্ধ কৰি দিছিল ৷

ইয়াৰ পূৰ্বে চৰকাৰে বিমুদ্ৰাকৰণৰ সময়ত এনিশাৰ ভিতৰতে পুৰণি 500 আৰু 1000 টকাৰ নোটৰ পৰিৱৰ্তে 2,000 টকাৰ মুদ্ৰা নোট প্ৰৱৰ্তন কৰা হৈছিল ৷ তেতিয়া 1,000 টকাৰ পৰিৱৰ্তে 2,000 টকাৰ নোট উলিওৱাৰ বাহিৰে কোনো বিকল্প ব্যৱস্থা নাছিল ৷ সাংসদগৰাকীয়ে উন্নত ৰাষ্ট্ৰসমূহৰ উদাহৰণ দাঙি ধৰি কয় যে, এই ৰাষ্ট্ৰসমূহত উচ্চ মূল্যৰ নোট প্ৰচলিত নহয় ৷

এই 2,000 টকীয়া নোটসমূহ প্ৰায়েই ড্ৰাগছ আৰু মানি লণ্ডাৰিঙৰ দৰে অবৈধ ব্যৱসায়ত ব্যৱহাৰ কৰা হয় ৷ 2,000 টকাৰ নোটকেইখন দেশৰ সৰ্বাধিক ক'লা ধনত ব্যৱহৃত কৰা হয় ৷ সেইবাবে চৰকাৰে ক্ৰমান্বয়ে 2,000 টকাৰ নোটখন পৰ্যায়ক্ৰমে বাতিল কৰা উচিত ৷ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) কৈছিল যে বেংকসমূহক 2000 টকাৰ নোট বন্ধ কৰাৰ বিষয়ে কোনো নিৰ্দেশনা দিয়া হোৱা নাই ৷ ক্ৰমান্বয়ে 2000 টকীয়া নোট প্ৰচলন কৰা বন্ধ হ’ব ৷

লগতে পঢ়ক: SC rejects manish sisodia case: উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে মনীষ চিছোদিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.