ETV Bharat / state

Protest in Guwahati : উচ্ছেদ বন্ধৰ দাবীত গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীৰ প্ৰতিবাদ

author img

By

Published : Dec 12, 2022, 10:31 PM IST

Protest in Guwahati
উচ্ছেদ বন্ধৰ দাবীত গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীৰ প্ৰতিবাদ

গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest in Guwahati)। ব্যৱসায়ীসকলক বলপূৰ্বক উচ্ছেদ বন্ধ কৰাৰ দাবীত গুৱাহাটী পথ ব্যৱসায়ী উন্নয়ন মঞ্চৰ উদ্য়োগত প্ৰতিবাদত বহিল হাজাৰ হাজৰ ব্যৱসায়ী । প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ।

উচ্ছেদ বন্ধৰ দাবীত গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীৰ প্ৰতিবাদ

গুৱাহাটী,১২ ডিচেম্বৰ : মহানগৰীত উচ্ছেদ বন্ধ কৰাৰ দাবীত গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীসকলে সোমবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে (Street traders protest in Guwahati)। পথ ব্যৱসায়ী সকলক বলপূৰ্বক উচ্ছেদ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে বৃহত্তৰ গুৱাহাটী পথ ব্যৱসায়ী উন্নয়ন মঞ্চই (Guwahati street vendor Development Forum protest)। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল কৰে মহানগৰীৰ ৰাজপথ ।

প্ৰতিবাদকাৰীসকলে গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে সৰৱ হৈ জি এম চি মেয়ৰ মুৰ্দাবাদ ,জি এম চি হায় হায়, বলপূৰ্বক উচ্ছেদ বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । সংগঠনটোৱে পথ ব্যৱসায়ীসকলৰ জাননী প্ৰেৰণ নকৰাকৈ বলপূৰ্বক উচ্ছেদ বন্ধ কৰাৰ দাবী জনায় । তেওঁলোকে গুৱাহাটী পৌৰ নিগমৰ অন্যায়মূলক উচ্ছেদ বন্ধ কৰাৰ লগতে খাটি খোৱা জনতাৰ অধিকাৰ খৰ্ব নকৰিবলৈ প্ৰতিবাদকাৰীসকলে চৰকাৰক এক প্ৰকাৰে সকিয়ানী প্ৰাদান কৰে (Demand for stop eviction of GMC)।

ক্ষুব্ধ শ শ প্ৰতিবাদকাৰীয়ে পথ ব্যৱসায়ীসকলৰ সামগ্ৰী গুৱাহাটী পৌৰ নিগমে জব্দ কৰা বন্ধ কৰিবলৈও দাবী উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলে কয় যে, তেওঁলোকৰ পৰা জব্দ কৰা সামগ্ৰীসমূহ আজিলৈকে ঘূৰাই দিয়া নাই । পথ ব্যৱসায়ীসকলৰ জৰীপ শীঘ্ৰে কৰাৰো দাবী জনায় । উক্ত প্ৰতিবাদৰ সময়ত ভেণ্ডিং জ'নৰ ব্যৱস্থাৰ উপৰি অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা, পথ ব্যৱসায়ীসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে ।

উল্লেখ্য় যে, গুৱাহাটী ক্লাৱ ৰ'টাৰীত সোমবাৰে দিনৰ ১১ বজাৰ বাবে একঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ বাবে পথ ব্যৱসায়ীসকল ওলাই আহিছিল যদিও আৰক্ষীয়ে ব্যৱসায়ীসকলক অৱস্থান ধৰ্মঘট কৰাত বাধা প্ৰদান কৰে (Street vendors Protest at Guwahati Press Club)। ফলত ব্যৱসায়ীসকলে গুৱাহাটী ক্লাৱত পথৰ মাজতে হাতে হাতে বেনাৰ, পোষ্টাৰ আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে । পিচত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে প্ৰতিবাদথলীৰ পৰা চচললৈ লৈ যায় ।

লগতে পঢ়ক:CAA protest in Assam : কোন আৰক্ষী বিষয়াৰ বন্দুকেৰে গুলী ওলাইছিল চৰকাৰে জানে : সমুজ্জ্বল ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.