পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন : 5 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 56.68% - Lok Sabha Election 2024

Published : May 20, 2024 at 7:13 AM IST
|Updated : May 20, 2024 at 6:37 PM IST
18:33 May 20
LS ELECTION PHASE 5 : পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ শেহতীয়া খবৰ ৷ 5 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 56.68% ৷
5 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 56.68%
1. উত্তৰ প্ৰদেশ 55.80%
2. মহাৰাষ্ট্ৰ 48.66%
3. বিহাৰ 52.35 %
4. ওড়িশা 60.55%
5. ঝাৰখণ্ড 61.90%
6. পশ্চিমবংগ 73%
7. জম্মু আৰু কাশ্মীৰ 54.21 %
8. লাডাখ 67.15%
16:10 May 20

3 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 47.53%
1. উত্তৰ প্ৰদেশ 47.55%
2. মহাৰাষ্ট্ৰ 38.77%
3. বিহাৰ 45.33%
4. ওড়িশা 48.95%
5. ঝাৰখণ্ড 53.90%
6. পশ্চিমবংগ 62.72%
7. জম্মু আৰু কাশ্মীৰ 44.90%
8. লাডাখ 61.26%
13:46 May 20
1 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 36.73%
- উত্তৰ প্ৰদেশ 39.35 %
- মহাৰাষ্ট্ৰ 27.78%
- বিহাৰ 34.62%
- ওড়িশা 35.31%
- ঝাৰখণ্ড 41.89%
- পশ্চিমবংগ 48.41 %
- জম্মু আৰু কাশ্মীৰ 34.79 %
- লাডাখ 52.02 %
12:23 May 20
পুৱা 11 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 23.66 %
- উত্তৰ প্ৰদেশ 27.76 %
- মহাৰাষ্ট্ৰ 15.93 %
- বিহাৰ 21.11%
- ওড়িশা 21.07%
- ঝাৰখণ্ড 26.18%
- পশ্চিমবংগ 32.70%
- জম্মু আৰু কাশ্মীৰ 21.37%
- লাডাখ 27.87 %
09:59 May 20
পুৱা 9 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 10.28 %
- উত্তৰ প্ৰদেশ 12.89%
- মহাৰাষ্ট্ৰ 6.33%
- বিহাৰ 8.86%
- ওড়িশা 6.87%
- ঝাৰখণ্ড 11.68%
- পশ্চিমবংগ 15.35%
- জম্মু আৰু কাশ্মীৰ 12.89%
- লাডাখ 10.51%
08:55 May 20
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পীযুষ গোৱেল :
সোমবাৰে পুৱা মুম্বাই উত্তৰ লোকসভা আসনৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পীয়ুষ গোৱেলে ভোটাধিকাৰ সাব্যস্ত কৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ সকলো ৰাইজকে ওলাই আহি এই গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
08:50 May 20
ৰায়ে বৰেলীত ফুলিছে পদুম : বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং
উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলীৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙে । কংগ্ৰেছৰ হৈ এইখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাহুল গান্ধীয়ে । ভোটাদিকাৰ সাব্যস্ত কৰাৰ পাচত ৰায়ে বৰেলীৰ বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙে কয়, ‘‘আমেঠি আৰু ৰায়ে বাৰেলীত পদুম ফুলিছে ৷ ইয়াত কোনো বিভ্ৰান্তি নাই ।’’
‘‘ৰাহুল গান্ধীয়ে কেৱল আইতাক, দেউতাকৰহে নাম লয় ৷ কিন্তু তেওঁ ককাৰ কথা কোনোদিনে কোৱা নাই ৷’’ ৰাহুল গান্ধীক কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সিঙে ৷
06:33 May 20
নিউজ ডেস্ক, 20 মে’ : 20 মে’ অৰ্থাৎ আজি (সোমবাৰ) 6 খন ৰাজ্য আৰু 2 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 49 টা সমষ্টিত অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । পুৱা 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
এই পৰ্যায়ত মুঠ 695 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে ৷ এই পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আছে বহুতো হেভিৱেট নেতাৰ নামো ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (লক্ষ্নৌ), কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল (মুম্বাই উত্তৰ), স্মৃতি ইৰাণী (আমেথি), ৰাহুল গান্ধী (ৰায়ে বৰেলী), চিৰাগ পাছৱান (হাজীপুৰ), শ্ৰীকান্ত শিন্দে (কল্যাণ)কে ধৰি বহুকেইগৰাকীৰ আজি ভাগ্য বন্দী হ’ব EVM মেচিনত ৷
আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 8 ৰাজ্য হৈছে -
- উত্তৰ প্ৰদেশ : লক্ষ্ণৌ, মোহনলালগঞ্জ, হামিৰপুৰ, জালৌন, ৰায়বৰেলী, আমেঠি, ঝান্সি, বান্দা, ফতেহপুৰ, কৌশাম্বী, বাৰাবাঁকী, ফৈজাবাদ, কেশৰগঞ্জ আৰু গোণ্ডা
- মহাৰাষ্ট্ৰ : ধুলে, ডিণ্ডোৰী, নাছিক, পালঘৰ, ভিৱান্দি, কল্যাণ, ঠাণে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণ
- বিহাৰ : সীতামাঢ়ী, মধুবনী, মুজাফ্ফৰপুৰ, চৰণ আৰু হাজিপুৰ
- ওড়িশা : বৰগাদা, সুন্দৰগড়, বোলাংগীৰ, কন্ধমাল আৰু আস্কা
- ঝাৰখণ্ড : চতৰা, কোডাৰ্মা আৰু হাজাৰিবাগ
- পশ্চিমবংগ : বনগাঁও, বাৰেকপুৰ, হাওৰা, উলুবেৰিয়া, শ্ৰীৰামপুৰ, হুগলী আৰু আৰামবাগ
- জম্মু আৰু কাশ্মীৰ : বাৰামুলা
- লাডাখ : লাডাখ

