ETV Bharat / state

Face off between Indo-China Army: টাৱাঙত ভাৰত-চীন সেনাৰ মাজত তিনিদিন ধৰি সংঘৰ্ষ

author img

By

Published : Dec 12, 2022, 11:03 PM IST

Face off between Indo-China Army
টাৱাঙত ভাৰত-চীন সেনাৰ মাজত তিনিদিন ধৰি সংঘৰ্ষ

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মুখামুখি সংঘৰ্ষৰ এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে ৷ ৯ ডিচেম্বৰৰ নিশা চীনা সৈন্যৰে ভাৰতীয় সেনাৰ লগত হোৱা সংঘৰ্ষৰ ফলত ভাৰতৰ প্ৰায় ১০-১২ জনীয়া দল আহত হয় ৷ সৰ্বমুঠ এই তিনিদিনীয়া মুখামুখি সংঘৰ্ষত মুঠ 30 জন ভাৰতীয় সেনাৰ জোৱান আঘাত প্ৰাপ্ত হোৱাৰ বিপৰীতে চীনা সৈন্য অত্যাধিক পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

তেজপুৰ,১২ ডিচেম্বৰ: পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মুখামুখি সংঘৰ্ষৰ এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে (Face off between indo-china army) । তেজপুৰ চতুৰ্থ ক'ৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ এ এছ ৱালিয়াই জনাৱা তথ্য অনুসৰি, ৮-৯ ডিচেম্বৰৰ নিশা ভাৰতীয় সেনাৰ লগত চীনা সৈন্যৰ এক মুখামুখি সংঘৰ্ষ হয় ।

Face off between Indo-China Army
টাৱাঙত ভাৰত-চীন সেনাৰ মাজত তিনিদিন ধৰি সংঘৰ্ষ

তেওঁ কয় যে, এই সংঘৰ্ষত সামান্য আৰু সাধাৰণভাৱে আহত হয় কেইবাগৰাকীও জোৱান । ৯ ডিচেম্বৰৰ নিশা চীনা সৈন্যৰে ভাৰতীয় সেনাৰ লগত হোৱা সংঘৰ্ষৰ ফলত ভাৰতৰ প্ৰায় ১০-১২ জনীয়া দল আহত হয় । টাৱাঙৰ আই টি বি পি ৰ অধীনৰ এলেকা সংঘটিত হয় এই সংঘৰ্ষ । উল্লেখ্য যে, বুমলাৰ পূব দিশে অৱস্থিত এই অঞ্চল ।

আনহাতে চীন সেনাৰ বহুতো সৈন্য আহত হয় বুলি মন্তব্য সেনাৰ মুখ্যপাত্ৰগৰাকীৰ । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰতীয় সেনাৰ দখলত থকা এলেকাত বৃহৎ চীনা সৈন্য বাহিনীৰ এটা দল সোমাই আহে আৰু দুই পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । আহত ভাৰতীয় সেনা জোৱানসকলক গুৱাহাটীৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Face off between Indo-China Army
টাৱাঙত ভাৰত-চীন সেনাৰ মাজত তিনিদিন ধৰি সংঘৰ্ষ

উল্লেখ্য যে, 2006 চনৰ পৰা চীনা সৈন্যই ভাৰতৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে দাবী কৰা অংশত নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে, ইটিভি ভাৰতে ২০২১ চনৰ নৱেম্বৰ মাহত এক ক্ষেত্ৰ ভিত্তিক প্ৰতিবেদনত উল্লেখ কৰিছিল যে, চীনা সৈন্যই ভাৰতৰ টাৱাং জিলাৰ লুমলা চেক্টৰত 34 বাৰ বলপূৰ্বক ভাবে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু ভাৰতীয় সেনাই তাক প্ৰতিৰোধ কৰিছিল ।

ফলস্বৰূপে ভাৰতীয় সেনাই টাৱাঙত অত্যাধুনিক Air Defence Systems বহুৱাইছিল । সোমবাৰে দিনৰ ভাগত সেই স্থানত চীনা সৈন্যৰ লগত পুনৰ হতাহতি হয় বুলি এক বিশেষ সূত্ৰত প্ৰকাশ পাইছে । সূত্ৰ মতে, সৰ্বমুঠ এই তিনিদিনীয়া মুখামুখি সংঘৰ্ষত মুঠ 30 জন ভাৰতীয় সেনাৰ জোৱান আঘাত প্ৰাপ্ত হোৱাৰ বিপৰীতে চীনা সৈন্য অত্যাধিক পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

সম্প্ৰতি পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ৷ টাৱাঙৰ পৰা অসমলৈ উভতি অহা কিছু পৰ্যটকে সদৰী কৰিছে এই কথা । আনহাতে, সোমবাৰে ভাৰতীয় বায়ুসেনাৰ তেজপুৰ ঘাটিৰ পৰা যুঁজাৰু বিমান চোখয় 30 MKI সঘন চলাচল দেখিবলৈ পোৱা যায় আকাশমাৰ্গত ৷

লগতে পঢ়ক: Dibrugarh Firing Incident update: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.