ETV Bharat / state

Supari Killer encounter incident : মোহন কুমাৰৰ এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

author img

By

Published : Dec 12, 2022, 10:12 PM IST

Press meet on Supari Killer encounter in Hojai
মোহন কুমাৰৰ এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

লামডিঙত আৰক্ষীৰ গুলীচালনাত নিহত হ’ল তৰুণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ হত্যাকাৰী (Tarun Chakraborty murder case) বিহাৰৰ মোহন কুমাৰ ৷ সোমবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই (Hojai SP Barun Purkayastha) এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত এক সংবাদমেল আয়োজন (Press meet on Supari Killer encounter) কৰে ৷

মোহন কুমাৰৰ এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল

হোজাই, 12 ডিচেম্বৰ: লামডিঙত দেওবাৰে নিশা আৰক্ষীৰ গুলীচালনাত নিহত হয় তৰুণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ হত্যাকাৰী (Tarun Chakraborty murder case) ৷ আৰক্ষীৰ গুলীত ৰহস্যজনকভাৱে নিহত ভাড়াতীয়া হত্যাকাৰীটো বিহাৰৰ মোহন কুমাৰ (Bihar professional killer dead in Assam) বুলি জানিব পৰা গৈছে ৷ তৰুণ চক্ৰৱৰ্তীৰ গুলীচালনাৰ ঘটনাৰ মূল অভিযুক্ত আছিল মোহন নামৰ ভাড়াতীয়াটো (Supari Killer killed in encounter)৷

উল্লেখ্য যে, 9 ডিচেম্বৰত লামডিঙত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ গুলীচালনাত নিহত হৈছিল তৰুণ চক্ৰৱৰ্তী নামৰ এজন ৰে’লৱে কৰ্মচাৰীজন ৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত চুপাৰী কিলাৰৰ সহায়ত কৰ্মচাৰীজনক হত্যাৰ পৰিকল্পনা কৰা হৈছিল (Firing at Lumding)৷ উক্ত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিছিল সাতজনকৈ অভিযুক্তক ৷

অভিযুক্তকেইটাৰ ভিতৰত আছিল ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা লামডিঙৰ এজন ৰেল’ৱে কৰ্মচাৰী অনিল মালাকাৰ, তৰুণ চক্ৰৱৰ্তীৰ ভাই বোৱাৰী বুল্টি চক্ৰৱৰ্তী, বিহাৰৰ চাহেব ৰজক, মোহন কুমাৰ, পাণ্ডৱ কুমাৰ, দীপক বিশ্বাস আৰু অজয় বৰ্মন ৷ সোমবাৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই (Hojai SP Barun Purkayastha) এক সংবাদমেল আয়োজন (Press meet on Supari Killer encounter) কৰি ঘটনা সন্দৰ্ভত কয় যে, পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি পাৰিবাৰিক সংঘাত সংঘটিত হয় ৷

তাৰ পিচতেই সা-সম্পত্তিৰ বাবেই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাৰ মাষ্টামাইণ্ড অনিল মালাকাৰে দুই লাখ টকাৰ বিনিময়ত বিহাৰৰ বেগুচৰাইৰ পৰা তিনিটা কুখ্যাত প্ৰফেছনেল কিলাৰক তৰুণ চক্ৰৱৰ্তীক হত্যা কৰিবলৈ লামডিঙলৈ আনিছিল ৷ সেই অনুযায়ী বিহাৰৰ চাহেব ৰজকে বিহাৰৰে ছুপাৰী কিলাৰ মোহন কুমাৰ আৰু মোহনৰ ভাতৃ পাণ্ডৱ কুমাৰক হত্যাৰ ঠিকা দিছিল ৷ ছুপাৰী কিলাৰ মোহন কুমাৰ আৰু পাণ্ডৱ কুমাৰে উক্ত ঘটনাৰ দুদিন আগৰ পৰাই তৰণ চক্ৰৱতীৰ গতি-বিধি লক্ষ্য কৰিছিল ৷

সুযোগ বুজি 9 ডিচেম্বৰৰ নিশা পাণ্ডৱ আৰু মোহন কুমাৰে তৰুণ চক্ৰৱতীলে গুলীবর্ষণ কৰি লামডিঙৰ পৰা পলায়ন কৰে ৷ এই ঘটনাৰ পিচতে আৰক্ষীৰ ক্ষিপ্ৰ তদন্তত বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা মোহন কুমাৰক আৰক্ষীয়ে আটক কৰিছিল ৷ আনফালে, মোহন কুমাৰৰ সৈতে উক্ত ঘটনা সংঘটিত কৰা আনটো অভিযুক্ত মোহন কুমাৰৰ ভাতৃ পাণ্ডৱ কুমাৰকো বিহাৰৰ বেওচৰাইৰ পৰা আৰক্ষীয়ে আটক কৰে ৷ লগতে আৰক্ষীয়ে অভিযুক্ত বুল্টি চক্ৰৱৰ্তীক গুৱাহাটীৰ পৰা আটক কৰে ৷

আটকাধীন আটাইকেইটা অপৰাধীকে আৰক্ষীয়ে দেওবাৰে হোজাই শংকৰদেৱ নগৰৰ আদালতত হাজিৰ কৰায়। তদুপৰি লামডিং আৰক্ষীয়ে মূল অভিযুক্ত অনিল মালাকাৰ, বুল্টি চক্ৰৱৰ্তী আৰু চাহেব ৰজকক দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ সেই অনুসৰি দেওবাৰে নিশা মোহন কুমাৰে হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰা বন্দুকটো ক'ত লুকুৱাই থৈছিল দেখুৱাবলৈ নিয়াৰ সময়তে আৰক্ষী আৰু মোহনৰ এনকাউন্টাৰৰ ঘটনা সংঘটিত হয় (Police firing at Lumding)৷

আৰক্ষীক দুটা হাতে সজা বন্দুক দেখুৱাই দিয়াৰ পিচতে তাতে থাকা পইন্ট .৩২ পিষ্টল এটা উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে মোহনে ৷ মোহন কুমাৰে চলোৱা দুই ৰাউণ্ড গুলী লামডিং আৰক্ষীৰ বাহনত লাগে ৷ প্ৰত্যোত্তৰত লামডিং আৰক্ষীয়ে মোহন কুমাৰলৈ গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত মোহন গুৰুতৰভাৱে আহত হৈছিল ৷

আৰক্ষীয়ে মোহনক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে (Professional killer from Bihar killed)৷ আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত দুটা হাতে সজা বন্দুক সহ এটা পইন্ট .৩২ পিষ্টলো উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: Encounter by Assam police: অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰী কিলাৰ মোহন কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.