ETV Bharat / state

National Yoga championship: ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ বাবে ধেমাজিৰ ৬ খেলুৱৈৰ প্ৰস্তুতি

author img

By

Published : Dec 13, 2022, 8:43 AM IST

ধেমাজিবাসীৰ বাবে এক সুখবৰ । ২৬ ডিচেম্বৰ পৰা ২৮ডিচেম্বৰ ২০২২ লৈ National Yogasana Sports Federation ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ নাচিকত অনুস্থিত হ'বলগীয়া চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসমৰ দলত স্থান লাভ কৰিছে ধেমাজিৰ ৬ গৰাকী যোগাসন খেলুৱৈয়ে । দুগৰাকীকৈ প্ৰশিক্ষকৰ তত্বাৱধানত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে খেলুৱৈ কেইগৰাকী(Preparation for National Yoga Championship in Dhemaji) ।

Preparation for National Yoga Championship in Dhemaji
ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ বাবে ধেমাজিৰ ৬ খেলুৱৈৰ প্ৰস্তুতি

ধেমাজি,১৩ ডিচেম্বৰ: ২৬ ডিচেম্বৰ পৰা ২৮ ডিচেম্বৰ ২০২২ লৈ National Yogasana Sports Federation ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ নাচিকত অনুস্থিত হ'ব চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা(National Yoga championship) । দেশৰ প্ৰায়কেইখন ৰাজ্যই অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । ইয়াৰ মাজতে ধেমাজিৰ ক্ৰীড়া প্ৰেমীলৈ আহিছে এক ভাল খবৰ । এই প্ৰতিযোগিতাৰ বাবে সাজু হৈছে ধেমাজিৰ ৬ গৰাকী যোগাসন খেলুৱৈ(National Yoga championship held in Nashik) ।

মহাৰাষ্ট্ৰৰ নাছিকত অনুস্থিত হ'বলগীয়া চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলত স্থান লাভ কৰিছে ধেমাজি জিলাৰ ছয়গৰাকী খেলুৱৈয়ে ৷ তেওঁলোক হৈছে ক্ৰমে ৰাণী সোণোৱাল, ৰিম্পী গগৈ, ৰিংকুমনি শইকীয়া, গায়ত্ৰী সোণোৱাল, ঝৰ্ণা সোণোৱাল, জিমী সোণোৱাল । সেয়ে ধেমাজি নগৰ নগৰীয়া জীৱিকা মিছনৰ কাৰ্যালয়ৰ গৃহত পুৱা গধূলি যোগ্যতা অৰ্জন কৰা খেলুৱৈ কেইগৰাকীয়ে অব্যাহত ৰাখিছে কঠোৰ অনুশীলন(Preparation for National Yoga Championship in Dhemaji) ৷

ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ বাবে ধেমাজিৰ ৬ খেলুৱৈৰ প্ৰস্তুতি

এইক্ষেত্ৰত প্ৰশিক্ষক নৱজ্যোতি সোণোৱাল আৰু জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক পুলেন দাসে প্ৰদান কৰিছে প্ৰশিক্ষণ । তেওঁলোকে অসম দলত স্থান লাভ কৰি খুবেই উৎফুল্লিত বুলি উল্লেখ কৰে । অসমৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ১৪ গৰাকী মহিলা খেলুৱৈৰ দলত ধেমাজিৰ এই ৬ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে । প্ৰশিক্ষক পুলেন দাসে জানিবলৈ দিয়া অনুসৰি এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক খেল' ইণ্ডিয়ালৈ নিৰ্বাচিত কৰা হ'ব শীৰ্ষ খেলুৱৈসকলক । ধেমাজিৰ পৰা কেইবাগৰাকী খেলুৱৈ নিৰ্বাচিত হ'ব বুলি উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ।

আনহাতে ধেমাজিৰ এই ৬ গৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । লগতে মন্ত্ৰীগৰাকীয়ে ৬ গৰাকী খেলুৱৈৰ যাতায়তৰ ব্যৱস্থা কৰি দিয়াৰো দায়িত্ব গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক পুলেন দাসে । খেলুৱৈ কেইগৰাকীয়ে যাতে সাফল্য অৰ্জন কৰি জিলাখনৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰবাবে সমগ্ৰ অসমবাসীৰ পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলে প্ৰশিক্ষকদ্বয়ে ৷

উল্লেখ্য যে National Yogasana Sports Federation য়ে ৬০০ খন জিলাত এথলীট আধাৰ বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । যোগাসনক উৎসাহ প্ৰদান কৰি ইয়াক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতামূলক খেল হিচাপে ঘোষণা কৰাৰ পাছতেই খেল' ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছিল । লগতে খেল মহাকুম্ভতো ইয়াক অন্তৰ্ভূক্ত কৰা হৈছে ।

লগতে পঢ়ক: Grant of land patta: BTRৰ ১২টা ৰাজহ চক্ৰত ভূমি পট্টা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.