অসম

assam

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Nov 13, 2022, 2:59 PM IST

top-10-at-3pm

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণত কেন্দ্ৰৰ সেউজ সংকেত, তৎপৰ ৰাজ্যিক বিজেপি

সালসলনি হ'বলগীয়া অঞ্চলত আগতীয়াকৈ চকু ৰাখিবলৈ নেতা-কর্মীক নিৰ্দেশ ৰাজ্যিক নেতৃত্বৰ (BJP strategy over constituency rescheduling)। সুদীৰ্ঘ বছৰৰ অন্তত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লে স্বাভাৱিকতে প্ৰভাৱ পৰিব আগন্তুক নিৰ্বাচনত । সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে সমষ্টিসমূহত ৰাজনৈতিক দলসমূহৰ ভোটৰ অংক ইফাল-সিফাল হ'ব ।

Actor Siddharth Sharma: অসুস্থ জনপ্ৰিয় কৌতুক অভিনেতা KK খ্যাত সিদ্ধাৰ্থ শৰ্মা

উচ্চ ৰক্তচাপৰ লগতে ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাজন ৷ সম্প্ৰতি গুৱাহাটী হেল্থ চিটী হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী(Guwahati Health City Hospital) ৷

New Political equation of DAC: দেউৰী স্বায়ত্ত-পৰিষদ গঠনৰ নতুন সমীকৰণ, আজি মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব জে পি পি

তুঁহ-খেৰৰ জুই ৰূপে পৰিণত হোৱাৰ দিশে আগবাঢ়িছে নতুনকৈ গঠন হোৱা দেউৰী আঞ্চলিক ৰাজনৈতিক দল JPP (জিম'চাঁয়া পিপলছ পাৰ্টী) ৷ নতুনকৈ গঠন হৈয়েই কংগ্ৰেছ দলৰ সহযোগত ২২ খন আসনৰ ৭ খন দখল কৰি নিৰ্বাচনী চমক দিছিল (DAC election results) ৷ বিজেপিক প্ৰৱল প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল JPP দল ৷ দেউৰী ৰাইজেও আগবঢ়াইছিল সমৰ্থন ৷ কিন্তু নিৰ্বাচনী ফলাফলত সফলতাৰ পিছতেই এতিয়া বিজেপিৰ শৰণাপন্ন হ’বলৈ সাজু হৈছে জিম'চাঁয়া ৷

Corruption in Assam: তথ্যৰ অভাৱত ৩৩ টা বিভাগৰ কেলেংকাৰীৰ অমীমাংসিত ৩৪২ টা গোচৰ

বিভাগীয় ধন আত্মসাৎকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও ২৫ বছৰ পৰ্যন্ত এনে গোচৰৰ মীমাংসা হোৱা নাই (Case against departmental money launderer)। শাস্তি নহ'ল লুণ্ঠনকাৰীৰ । গোচৰসমূহৰ অনুসন্ধান কালত চৰকাৰী পক্ষই সময়মতে তথ্য যোগান নধৰা বা উত্তৰ নিদিয়াৰ ফলতে এই গোচৰবোৰ অমীমাংসিত হৈ আছে । বিভাগে বিভাগে চলিছে শ শ কোটি টকাৰ লুণ্ঠন-দুৰ্নীতি ।

Burmese Supari Seized: কাছাৰত বাৰ্মিজ চুপাৰিসহ দুজনক আটক

কাছাৰত বাৰ্মিজ চুপাৰিসহ পুনৰ আটক হ'ল দুজন লোক (Burmese Supari Seized in Cachar)৷ আৰক্ষীয়ে তালাচী অভিযান চলাই এখন ট্ৰাকৰ পৰা প্ৰায় 147 বেগ চুপাৰিৰ বেগ জব্দ কৰিবলৈ সক্ষম হয় ৷

Man elephant conflict : নামৰূপত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজনৰ

শনিবাৰে নিশা জিলাখনৰ নামৰূপৰ অভয়পুৰ গাঁৱত হাতীৰ আক্ৰমণত মৃত্যু এজন লোকৰ । নন্দেশ্বৰ গগৈ নামৰ লোকজনে নিশা বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে জনাঞ্চলত মুক্ত বিচৰণ কৰি থকা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে (Man Killed in wild elephant attack)। পুৱা লোকজনৰ মৃতদেহটো স্থানীয় ৰাইজে উদ্ধাৰ কৰে । ইয়াৰ পাছতে অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰে । মৃত নন্দেশ্বৰ গগৈৰ পত্নীসহ আৰু তিনি সন্তান শোকত ভাগি পৰিছে ।

Erosion at Amguri: আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে(Erosion at Sivasagar) । ৰূপহীমুখত খহনীয়াত সৰ্বশ্ৰান্ত হৈ উঠিছে বহু পৰিয়াল ৷ মাটি-বাৰী, ঘৰ-ভেঁটি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি বহু পৰিয়াল ভূমিহীন হৈ পৰিছে(Brahmaputra river Erosion at Amguri) ৷ ১৯৮০ চনৰে পৰাই খহনীয়াৰ কৱলত পৰিছে ৰূপহীমুখ অঞ্চলৰ শ শ পৰিয়ালে ৰূপহীমুখ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা হৈছে । এফালে যদি বান আনফালে গৰাখহনীয়া ।

Star Campaigner Himanta in Gujrat election: গুজৰাট বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই

বিজেপিয়ে দলটোৰ 40 গৰাকী শীৰ্ষ নেতাক লৈ প্ৰস্তুত কৰিছে ষ্টাৰ কেম্পেইনাৰ বা তাৰকা প্ৰচাৰকৰ এক তালিকা ৷ যিখন তালিকাত অন্তৰ্ভুক্ত হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ নামো(CM Himanta star campaigner in Gujrat election) ৷

Mistreat with psychiatric patients: গোলাঘাটৰ এখন অনাথ আশ্ৰমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

গোলাঘাটৰ ধ্ৰুৱ নগৰস্থিত এখন অনাথ আশ্ৰমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । Home for Mental ill person নামৰ আশ্ৰমখনত মানসিকভাৱে অক্ষম ব্যক্তিৰ লগত ল'ৰা ধেমালি কৰাৰ অভিযোগ ৷ আৱাসিক এলেকাৰ প্ৰতিৱেশীসকলো বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হোৱাৰো অভিযোগ উঠিছে ।

Asian Elite Boxing Championships: এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ইতিহাস ৰচনা শিৱৰ

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন শিৱ থাপাৰ(Shiva Thapa in Asian Boxing Championships final) ৷ ফাইনেল খেলখনৰ মাজতেই শিৱ আঘাতপ্ৰাপ্ত হোৱাত খেলখন আধাতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় শিৱই ।

ABOUT THE AUTHOR

...view details