Burmese Supari Seized: কাছাৰত বাৰ্মিজ চুপাৰিসহ দুজনক আটক

author img

By

Published : Nov 13, 2022, 2:04 PM IST

Burmese Supari Seized in Cachar

কাছাৰত বাৰ্মিজ চুপাৰিসহ পুনৰ আটক হ'ল দুজন লোক (Burmese Supari Seized in Cachar)৷ আৰক্ষীয়ে তালাচী অভিযান চলাই এখন ট্ৰাকৰ পৰা প্ৰায় 147 বেগ চুপাৰিৰ বেগ জব্দ কৰিবলৈ সক্ষম হয় ৷

কাছাৰ, 13 নৱেম্বৰ: ৰাজ্যত চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পিছতো একাংশ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধুলি ছটিয়াবলৈ প্ৰতিদিনে ন ন কৌশল প্ৰয়োগ কৰাৰ পৰিলক্ষিত হৈছে (Burmese Supari Seized in Assam)৷ এইবাৰ কাছাৰত বাৰ্মিজ চুপাৰিসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী (Burmese Supari Seized in Cachar)৷

কাছাৰত বাৰ্মিজ চুপাৰিসহ দুজন আটক

কাছাৰত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট ৷ দেওবাৰে কাছাৰৰ লায়লাপুৰ আৰক্ষীয়ে এক তালাচী অভিযান চলাই এখন ট্ৰাকৰ পৰা প্ৰায় 147 বেগ চুপাৰিৰ বেগ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল ৷

আৰক্ষীয়ে বহু কৌশলেৰে ট্ৰাকখনৰ ভিতৰত কাঠৰ এক কণ্টেইনাৰ নিৰ্মাণ কৰি তাৰ ভিতৰত বাৰ্মিজ চুপাৰিখিনি ভৰাই আনিছিল লগতে এখন অভিযানত এখন কণ্টেইনাৰৰ পৰাও বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ মিজোৰামৰ পৰা অসমলৈ আনি থকাৰ সময়তে BR-28-GA-3684 নং কণ্টেইনাৰ আৰু ML-10-C-8816 ট্টাকখনৰ পৰা সৰ্বমুঠ ৩৫০৫ কেজি বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে আৰক্ষীয়ে গাড়ী চালক মুজিবুৰ ৰহমান(৩২)আৰু নুৰুল ইছলাম নামৰ সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰিছে (Two suspected smuggler arrested) ৷ দুই আটকাধীনৰ ঘৰ কাছাৰৰ কাটিগড়া সমষ্টিত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুটো অভিযুক্তকে সোধ-পোছ অব্যাহত ৰাখিছে ৷

এই ঘটনাৰ পিছতে কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তই (SP Numal Mahatto)সংবাদ মাধ্যমৰ আগত কয় যে সকলো ছিণ্ডিগেট মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ ছিণ্ডিকেট মাফিয়াই যিমানেই ন ন কৌশল অৱলম্বন নকৰক কিয় কাছাৰ আৰক্ষীৰ হাতৰ পৰা সাৰি নাযায় ৷ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে চলি থকা এই অভিযান অব্যাহত আছে , ইয়াৰ লগত আৰক্ষীয়ে কোনোধৰণৰ আপোচ নকৰে ৷

এতিয়া এয়া লক্ষ্যনীয় হ’ব যে ইমানৰ পিছতো জিলাখনত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব ? কুখ্যাত মাফিয়াক আটক কৰিবলৈ সক্ষম হ’বনে কাছাৰ আৰক্ষী ?

লগতে পঢ়ক: Theft incident in Jorhat: যোৰহাটৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.