ETV Bharat / state

মুখ্যমন্ত্ৰীৰ মিঞা প্ৰীতি সন্দৰ্ভত উত্তৰ দিবলৈ অনিচ্ছা প্ৰকাশ কৃষি মন্ত্ৰী অতুল বৰাৰ ! - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:58 AM IST

Minister Atul Bora CAMAPIGNS FOR AGP CANDIDATE ZABED ISLAM
প্ৰচাৰ সভাত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

Dhubri Lok Sabha constituency: অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা । প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ধুবুৰীৰ সাংসদ তথা লোকসভাৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলক তীক্ষ্ণ সমালোচনা বৰাৰ ৷

গোৱালপাৰা, 30 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৃষিমন্ত্ৰী অতুল বৰাৰ । গোৱালপাৰা জিলাৰ পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ধুবুৰী লোকসভা সমষ্টিৰ চেঁচাপানীত এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত হৈ কৃষিমন্ত্ৰীগৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে ধুবুৰীৰ সাংসদ তথা লোকসভাৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলক ৷

আজমলক কটাক্ষ কৰি মন্ত্ৰী বৰাই কয়, "ধুবুৰীবাসীয়ে এতিয়া জৰা-ফুকাৰ ৰাজনীতি নিবিচাৰে । আজমলৰ জৰাফুকাৰ দিন উকলি গৈছে । ধুবুৰীবাসীয়ে উন্নয়নৰ ৰাজনীতি বিচাৰে । আজমলক ধুবুৰীবাসীয়ে তিনিবাৰকৈ সাংসদ বনাই দিল্লীলৈ পঠিয়ালে কিন্তু আজমলে ধুবুৰীবাসী ৰাইজক উন্নয়নৰ পৰিৱৰ্তে জৰাফুকা কৰিয়ে তিনি বছৰ কটালে । সেয়েহে এইবেলি নিৰ্বাচনত ধুবুৰীবাসীয়ে আজমলক বিদায় দি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট দি সাংসদ হিচাপে নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়াব ।"

মন্ত্ৰী অতুল বৰাই আজমলক কটাক্ষ কৰি আৰু কয় যে, "বজাৰত টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি কিন্তু মৌলানা বদৰুদ্দিন আজমলে ধুবুৰীবাসীক ঠগি তিনিবাৰকৈ টেঙা আম বিক্ৰী কৰিলে । এইবাৰ আজমলক ধুবুৰীবাসীয়ে নিশ্চিতভাৱে বিদায় দিব ।"

দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছক এতিয়া মানুহে বিশ্বাস আৰু ভৰষা নকৰা হৈছে । সেই কাৰণে দিনক দিনে মানুহে কংগ্ৰেছ এৰি অগপত যোগদান কৰি আছে । ৰকিবুল হুছেইন কংগ্ৰেছৰ চৰকাৰ থাকোতে তিনিবাৰকৈ মন্ত্ৰী আছিল । ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থাকোতে অসমৰ আপুৰুগীয়া সম্পদবোৰ ধ্বংস কৰি শেষ কৰিলে । যিজন ব্যক্তিয়ে অসমৰ আপুৰুগীয়া সম্পদবোৰ ৰক্ষা আৰু সুৰক্ষা দিব নোৱাৰে তেনে এজন ব্যক্তিয়ে ধুবুৰীৰ সমস্যাবহুল জনসাধাৰণক কি সুৰক্ষা প্রদান কৰিব ।"

ৰাজ্যৰ ৰাজনীতিত সম্প্ৰতি বিশেষ চৰ্চা চলিছে মুখ্যমন্ত্ৰীৰ মিঞা প্ৰীতি সন্দৰ্ভত ৷ সংবাদ মাধ্যমে এই সন্দৰ্ভত কৃষিমন্ত্ৰী বৰাৰ প্ৰতিক্ৰিয়া বিচাৰিছিল যদিও উত্তৰ প্ৰদানৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰে বৰাই ৷

লগতে পঢ়ক: অমিত শ্বাহৰ ৰোড শ্ব’ত মন্ত্ৰী পীযুষৰ উগ্ৰমূৰ্তি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.