ETV Bharat / politics

অমিত শ্বাহৰ ৰোড শ্ব’ত মন্ত্ৰী পীযুষৰ উগ্ৰমূৰ্তি - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:34 PM IST

MINISTER PIJUSH HAZARIKA
গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ৰোড শ্ব’ত উগ্ৰমূৰ্তি ধৰা দেখা গ'ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাক ৷ ঘৰমুখী হ’বলৈ চেষ্টা কৰা মহিলাক ধমকি দি আৱদ্ধ কৰি ৰাখে মন্ত্ৰী হাজৰীকাই ৷

মন্ত্ৰী পীযুষ হাজৰীকাৰ উগ্ৰমূৰ্তি

গুৱাহাটী, 29 এপ্ৰিল : নিৰ্বাচনী ৰণডংকা বজাবলৈ গুৱাহাটীৰ মাজমজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা ৰোড শ্ব’ত উগ্ৰমূৰ্তি ধৰা দেখা গ'ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাক ৷ দৃষ্টিকটুভাৱে মন্ত্ৰীগৰাকীয়ে নিজৰ অহমিকাৰে ৰোড শ্ব’লৈ অহা সাধাৰণ মহিলাক ধমকি লগোৱা পৰিলক্ষিত হ’ল ৷ উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটীৰ বি জে পিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহানগৰীৰ মাজমজিয়াত সোমবাৰে দুই কিলোমিটাৰ বিশাল ৰোড শ্ব’ কৰে ৷ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লালগণেশলৈ দুই কিলোমিটাৰ ৰোড শ্ব’ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰোড শ্ব’ সফল কৰাৰ বাবে ৰাজ্যিক বি জে পিয়ে বিভিন্ন ঠাইৰ পৰা গাড়ী ভৰ্তি কৰি দলীয় কৰ্মী, সদস্য তথা মহিলাসকলক আনিছিল ৷ ৰোড শ্ব’ত অধিকাংশই আছিল মহিলা ৷ মন কৰিবলগীয়া যে অমিত শ্বাহৰ এই ৰোড শ্ব’ সফল কৰাৰ বাবে বিশেষভাৱে দায়িত্ব দিয়া হৈছিল মন্ত্ৰী পীযুষ হাজৰীকা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক ৷ অমিত শ্বাহ পোনে পোনে বিমানবন্দৰৰ‌ পৰা চাইকেল ফেক্টৰী তিনিআলিত সন্ধিয়া প্ৰায় 6.20 বজাত উপস্থিত হয় ৷ অমিত শ্বাহে ফুলেৰে সজোৱা বিশেষ বাহনত উঠি ৰোড শ্ব’ আৰম্ভ কৰি লালগণেশ অভিমুখে যাত্ৰা কৰে ৷

অমিত শ্বাহৰ‌ বাহন আগবঢ়াৰ লগে লগে পিচফালে দিনৰে পৰা ৰৈ থকা সমৰ্থকসকলৰ বহুত সংখ্যক উভতি ঘৰমুখী হ'বলৈ চেষ্টা কৰে ৷ কিন্তু তৎমূহূৰ্তত কৰবাৰ পৰা উগ্ৰমূৰ্তি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই ঘৰলৈ যাবলৈ বিচৰা মহিলাসকলক যাবলৈ বাধা প্ৰদান‌ কৰে ৷ আনকি মহিলাসকলক মন্ত্ৰী পীযুষ হাজৰীকাই ধমকি লগোৱাও পৰিলক্ষিত হ’ল ৷ মন্ত্ৰীগৰাকীৰ লগত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো দৌৰি আহি মহিলাসকলক যাবলৈ বাধা দিয়ে।

তেওঁলোকে কৰ্মকৰ্তাসকলক ৰছী‌ বান্ধি পথত ভেটা দি‌ বহু সময় মহিলাসকলক ‌আৱদ্ধ কৰি‌ ৰাখে ৷ এই সন্দৰ্ভত একাংশ‌ মহিলাই কয় যে দিনৰ পৰা তেওঁলোকে তাত ৰৈ আছিল ৷ অমিত শ্বাহক চালে, গতিকে ঘৰলৈ যাব লাগে ৷ নিশাও হৈ আহিছে ৷ পৰিয়ালৰ মানুহ ৰৈ আছে ৷ যিখিনি কাম কৰিব লাগে কৰিছে ৷ প্ৰয়োজন হ'লে পৰৱৰ্তী সময়ত আৰু কৰিব। ৷ কিন্তু এনেকৈ জোৰ কৰি কিয় ৰাখিব লাগে বুলি একাংশই ক্ষোভ উজাৰে ৷ ইফালে ৰোড শ্ব’ৰ দায়িত্বত থকা বিজেপিৰ আন আন নেতা-কৰ্মী সকলেও যাবলৈ খোজা মহিলা সকলক নাযাবলৈ অনুৰোধ কৰা পৰিলক্ষিত হ’ল ৷

লগতে পঢ়ক : মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.