Man elephant conflict : নামৰূপত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজনৰ

By

Published : Nov 13, 2022, 2:06 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত (Man elephant conflict in Assam) । ইয়াৰ মাজতে ডিব্ৰুগড়ত শোকাৱহ ঘটনা । শনিবাৰে নিশা জিলাখনৰ নামৰূপৰ অভয়পুৰ গাঁৱত হাতীৰ আক্ৰমণত মৃত্যু এজন লোকৰ । নন্দেশ্বৰ গগৈ নামৰ লোকজনে নিশা বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে জনাঞ্চলত মুক্ত বিচৰণ কৰি থকা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে (Man Killed in wild elephant attack)। পুৱা লোকজনৰ মৃতদেহটো স্থানীয় ৰাইজে উদ্ধাৰ কৰে । ইয়াৰ পাছতে অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰে । মৃত নন্দেশ্বৰ গগৈৰ পত্নীসহ আৰু তিনি সন্তান শোকত ভাগি পৰিছে । উল্লেখ্য যে কিছুদিন পূৰ্বে নামৰূপত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল এজন লোক । কিন্তু বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.