Corruption in Assam: তথ্যৰ অভাৱত ৩৩ টা বিভাগৰ কেলেংকাৰীৰ অমীমাংসিত ৩৪২ টা গোচৰ

author img

By

Published : Nov 13, 2022, 12:44 PM IST

Corruption in Assam

বিভাগীয় ধন আত্মসাৎকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও ২৫ বছৰ পৰ্যন্ত এনে গোচৰৰ মীমাংসা হোৱা নাই (Case against departmental money launderer)। শাস্তি নহ'ল লুণ্ঠনকাৰীৰ । গোচৰসমূহৰ অনুসন্ধান কালত চৰকাৰী পক্ষই সময়মতে তথ্য যোগান নধৰা বা উত্তৰ নিদিয়াৰ ফলতে এই গোচৰবোৰ অমীমাংসিত হৈ আছে । বিভাগে বিভাগে চলিছে শ শ কোটি টকাৰ লুণ্ঠন-দুৰ্নীতি ।

গুৱাহাটী,১৩ নবেম্বৰ:মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুর্নীতিমুক্ত অসম গঢ়াৰ শ্ল'গান দি অহাৰ বিপৰীতে চৰকাৰী বিভাগসমূহত চলি আছে পুঁজি লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতা (Corruption in different department)। ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগসমূহত আঁচনি ৰূপায়ণৰ নামত ধন আত্মসাতৰ ঘটনা পোহৰলৈ আহিলে গোচৰ ৰুজু বা বিভাগীয় তদন্ত কৰিব লাগে (Scam in implementation of scheme)। তদুপৰি আত্মসাৎকাৰীৰ পৰা সেই ধন উদ্ধাৰ কৰাৰ লগতে তেনে ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিয়ম আছে । কিন্তু ৰাজ্য চৰকাৰে এইক্ষেত্ৰত চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে ।

উল্লেখ যে বিভাগীয় ধন আত্মসাৎকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে যদিও ২৫ বছৰ পৰ্যন্ত গোচৰৰ মীমাংসা হোৱা নাই (case not disposed 25 years)। এনেদৰে ২৫ বছৰ পৰ্যন্ত ৰাজ্য চৰকাৰৰ অধীনস্থ মুঠ ৩৩টা বিভাগৰ ৩৪২ টা গোচৰ মীমাংসা নোহোৱাত ৰাজহুৱা পুঁজিৰ ১৩৬.৮৭ কোটি টকাৰ ক্ষতি হৈছে । এই তথ্য পোহৰলৈ আনিছে ভাৰতীয় মহাগাণনিক আৰু হিচাপ পৰীক্ষকৰ ৰাজ্যিক বিত্ত সংক্রান্তীয় শেহতীয়া হিচাপ পৰীক্ষাৰ প্ৰতিবেদনে (Auditor General of India)। অতি পৰিতাপৰ কথা যে গোচৰসমূহৰ অনুসন্ধান কালত চৰকাৰী পক্ষই সময়মতে তথ্য যোগান নধৰা বা উত্তৰ নিদিয়াৰ ফলতে এই গোচৰবোৰ অমীমাংসিত হৈ আছে (Latest audit report related to state finance) ।

Corruption in Assam
তথ্যৰ অভাৱত ৩৩ টা বিভাগৰ কেলেংকাৰীৰ অমীমাংসিত গোচৰ ৩৪২ টা

আনহাতে, একাংশ গোচৰৰ ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষ অথবা গোচৰীয়াই সঠিক, নির্দিষ্ট বা উপযুক্ত প্রতিবেদন দাখিল নকৰাৰ বাবেও ধন আত্মসাৎকাৰী সাৰি যোৱাৰ অজুহাত বিচাৰি পায় । তথ্য অনুসৰি বিগত বৰ্ষলৈ চৰকাৰী বিভাগৰ ধন আত্মসাতৰ ঘটনাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিতৰত সৰ্বাধিক গোচৰ ৰুজু হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু সাধাৰণ প্ৰশাসন অর্থাৎ মূলতঃ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে (case against Health and Family Welfare)। দুয়োটা বিভাগত ব্যাপক হাৰত সংঘটিত ধন আত্মসাতৰ ঘটনাৰ বিৰুদ্ধে ৪৭টাকৈ মুঠ ৯৪টা গোচৰ অমীমাংসিত ৰূপত আছে ।

ৰাজ্যিক বিত্তৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ৰাজ্য চৰকাৰৰ ৩৩টা বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে ৰুজু হোৱা অমীমাংসিত ৩৪২ টা গোচৰৰ ভিতৰত বিভাগসমূহে যথাসময়ত প্রতিবেদন দাখিল নকৰাত ২৭০টা গোচৰ দীৰ্ঘদিন ধৰি পৰি আছে (pending 342 Horrific cases in 33 departments) । তেনেদৰে ৭২টা গোচৰৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে ধন আত্মসাৎকাৰীৰ বিৰুদ্ধে উপযুক্ত উত্তৰ দিব নোৱৰাত নিষ্পত্তি নোহোৱাকৈ আছে । তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ কৃষি বিভাগত বিগত ২৫ বছৰৰ ভিতৰত দুৰ্নীতিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিতৰত ৩২টা গোচৰ অমীমাংসিত ৰূপত আছে (Case against Agricultural department)। এই গোচৰকেইটা ৰুজু হৈছিল ৩৭৭.৮৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত । তেনেদৰে পশুপালন আৰু পশু চিকিৎসা বিভাগত বিগত সময়ছোৱাত দুৰ্নীতি-ধন আত্মসাতৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিতৰত ২০টা গোচৰৰ আজিও নিষ্পত্তি হোৱা নাই । বিভাগটোত এই গোচৰকেইটাত সন্নিৱিষ্ট হৈ আছে ৪৩০.০৫ লাখ টকা আত্মসাৎ কৰাৰ তথ্য।

ইপিনে, ৰাজ্যৰ সমবায় বিভাগত সংঘটিত ধন লুণ্ঠনৰ মুঠ গোচৰৰ ভিতৰত ১৭টা গোচৰৰ অমীমাংসিত হৈ আছে । এই গোচৰৰ বিপৰীতে ৫৭৪.০৪ লাখ টকা আত্মসাতৰ অভিযোগ আছে । ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অধীনত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিতৰত ৪৭টা গোচৰ নিষ্পত্তি হোৱা নাই । এই গোচৰ ৰুজু হৈছে ২০১৫.৭৩ লাখ টকা আত্মসাতৰ অভিযোগত । বিগত ২০-২৫ বছৰৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগত ৰুজু হোৱা গোচৰ ভিতৰত ১৬টা দুৰ্নীতি-লুণ্ঠনৰ গোচৰ অমীমাংসিত হৈ আছে । এই গোচৰৰ বিপৰীতে ৭২৮.০৪ লাখ টকা আত্মসাতৰ অভিযোগ আছে ।

তেনেদৰে উচ্চ শিক্ষা বিভাগত ১,২০০ লাখ টকা লুণ্ঠনৰ অভিযোগত ৰুজু হোৱা ৭টা গোচৰ আজিও অমীমাংসিত হৈ আছে (Case registered in Education department)। আনহাতে, খাদ্য আৰু অসামৰিক যোগান বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে ৰুজু হোৱা ২৪০.৮৯ লাখ টকা আত্মসাতৰ ৮টা গোচৰ আজিও অমীমাংসিত । সেইদৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগতো ১৮৬.৮৬ লাখ টকা আত্মসাতৰ ৰুজু হোৱা ১৩টা গোচৰ আজিও মীমাংসা হোৱা নাই । ইফালে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত হোৱা দুৰ্নীতিৰ গোচৰৰ ভিতৰত মীমাংসা নোহোৱা ৪৭টা গোচৰৰ বিপৰীতে ১,৩৩১.৪৬ লাখ টকা আত্মসাতৰ অভিযোগ আছে ।

পার্বত্য এলেকা উন্নয়ন বিভাগৰ ৰুজু হোৱা বহু গোচৰৰ ভিতৰত দীর্ঘদিনে অমীমাংসিত ৰূপত আছে ১৮টা গোচৰ । এইক্ষেত্রত ৩০৮.৫৫ লাখ টকা আত্মসাতৰ অভিযোগ আছে । লক্ষণীয়ভাৱে গড়কাপ্তানি বিভাগত সর্বাধিক ধন লুণ্ঠনৰ তথ্য পোৱা গৈছে । তথ্য অনুসৰি দীৰ্ঘদিনে অমীমাংসিত ৰূপত থকা ১৭টা গোচৰৰ বিপৰীতে ২,৯১৭.৭৮ লাখ টকা আত্মসাতৰ অভিযোগ আছে । সমাজ কল্যাণ বিভাগত অমীমাংসিত হৈ থকা ১৬টা গোচৰৰ বিপৰীতে ৩৯৩.২৭ লাখ টকা আত্মসাতৰ অভিযোগ । ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ কল্যাণ বিভাগত দীর্ঘদিনে অমীমাংসিত ৰূপত থকা ১১টা গোচৰৰ বিপৰীতে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ২৩৬.৪৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আছে । এই বিভাগৰে অধীনত বি টি চি প্রশাসনতো দীর্ঘদিনে অমীমাংসিত হৈ থকা ১৩টা গোচৰৰ বিপৰীতে ১৬৩.৪০ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

আনহাতে,জলসিঞ্চন বিভাগতো বিগত সময়ছোৱাত অমীমাংসিত হৈ থকা দুৰ্নীতিৰ ১২টা গোচৰৰ বিপৰীতে ৩৭৬.১৪ লাখ টকা আত্মসাতৰ অভিযোগ আছে (Case in Irrigation Department) । তদুপৰি প্রশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগত এটা গোচৰৰ বিপৰীতে ১১৫.৮১ লাখ টকা (Department of Administrative Reforms and Training), সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত এটা গোচৰৰ বিপৰীতে ২২.৪১ লাখ টকা, সাংস্কৃতিক পৰিক্ৰমা বিভাগত এটা গোচৰৰ বিপৰীতে ৮৯.৭২ লাখ টকা আত্মসাতৰ অভিযোগ আছে ।

একেদৰে মাধ্যমিক শিক্ষাৰ ৬টা গোচৰৰ বিপৰীতে ১৮২.১৬ লাখ টকা, মীন বিভাগত ৩টা গোচৰৰ বিপৰীতে ২.১৫ লাখ টকা, গৃহ (আৰক্ষী) বিভাগত ৪টা গোচৰৰ বিপৰীতে ১৪.১৪ লাখ টকা, গৃহ কাৰাগাৰ বিভাগৰ এটা গোচৰৰ বিপৰীতে ২৮ লাখ টকা, উদ্যোগ আৰু বাণিজ্য বিভাগত ৫টা গোচৰৰ বিপৰীতে ৬৪১.২৩ লাখ টকা, তথ্য আৰু জনসংযোগ বিভাগত এটা গোচৰৰ বিপৰীতে ২৪ লাখ টকা, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ৪টা গোচৰৰ বিপৰীতে ৩১৪.০৫ লাখ টকা আত্মসাতৰ অভিযোগ উঠিছে ।

তেনেদৰে বৈধতা জোখ-মাখ বিভাগত এটা গোচৰৰ বিপৰীতে ০.১৩ লাখ টকা (Legality Measurement Section), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২টা গোচৰৰ বিপৰীতে ২৭.৫১ লাখ টকা, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত এটা গোচৰৰ বিপৰীতে ২৯৩.৫০ লাখ টকা, ৰেচম বিভাগত ৯টা গোচৰৰ বিপৰীতে ২৭.১৩ লাখ টকা, নগৰ উন্নয়ন বিভাগত ২টা গোচৰৰ বিপৰীতে ৫০.৫৬ লাখ টকা, জলসম্পদ বিভাগত ৪টা গোচৰৰ বিপৰীতে ৬১.৭৭ লাখ টকা আৰু সাধাৰণ প্ৰশাসনত (এছ ডি অ’ চিভিল) এটা গোচৰৰ বিপৰীতে ৬০.৫৮ লাখ টকা আত্মসাতৰ অভিযোগ আছে। এই গোচৰসমূহৰ ক্ষেত্ৰত আত্মসাৎকাৰীৰ বিৰুদ্ধে বিভাগসমূহে যিধৰণে প্ৰতিবেদন দাখিল কৰিব লাগিছিল সেয়া সময়মতে অথবা উপযুক্ত ৰূপত দাখিল নকৰাৰ বাবে গোচৰসমূহ অমীমাংসিত হৈ আছে ।

লগতে পঢ়ক:Labor unions protest in Sasal: দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি চচলত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.