Mistreat with psychiatric patients: গোলাঘাটৰ এখন অনাথ আশ্ৰমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

author img

By

Published : Nov 13, 2022, 2:15 PM IST

as_glt_802_12nov_golaghat NGO tense_vis_byte_as10024 Headline

গোলাঘাটৰ ধ্ৰুৱ নগৰস্থিত এখন অনাথ আশ্ৰমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ । Home for Mental ill person নামৰ আশ্ৰমখনত মানসিকভাৱে অক্ষম ব্যক্তিৰ লগত ল'ৰা ধেমালি কৰাৰ অভিযোগ ৷ আৱাসিক এলেকাৰ প্ৰতিৱেশীসকলো বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হোৱাৰো অভিযোগ উঠিছে ।

গোলাঘাট, 13 নৱেম্বৰ: অসমত স্বেচ্ছাসেৱী সংগঠন খুলি ঠগ প্ৰৱঞ্চনাৰে টকা ঘটাটো কোনো নতুন কথা নহয় । সমাজৰ ভালৰ বাবে ওলাই আহি অসৎ কাম কৰাটো এচামৰ বাবে যেন জীৱিকা হৈ পৰিছে । এইবাৰ গোলাঘাটতো ঘটিল অনুৰূপ ঘটনা । অমানৱীয়, দুৰ্নীতি, প্ৰশাসনৰ হেমাহিৰ অভিযোগ উত্থাপিত হৈছে গোলাঘাট নিৰ্মাণ মহিলা গোটৰ স্বেচ্ছাসেৱী সংগঠন Home for Mental Ill person বিৰুদ্ধে ।

গোলাঘাটৰ ধ্ৰুৱ নগৰস্থিত এখন অনাথ আশ্ৰমৰ ওপৰত গুৰুতৰ অভিযোগ

বৰ্তমান প্ৰায় 25 গৰাকী মানসিক ৰোগীৰ জীৱনক লৈ খেল খেলাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ গোলাঘাট নিৰ্মাণ মহিলা গোট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিৰুদ্ধে এই অভিযোগ উঠিছে ৷ দুৰ্ভগীয়া এইসকল ৰোগীক লৈ গোলাঘাট আৰক্ষী আৰু প্ৰশাসনে ল'ৰা ধেমালি খেলিছে(Psychiatric patients in Golaghat) ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ উপৰি অভিযোগৰ আঙুলি উঠিছে অসম চৰকাৰৰ বিৰুদ্ধেও । এয়া আমাৰ অভিযোগ নহয়, গোলাঘাট নিৰ্মাণ মহিলা গোট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কাষতে লাগি থকা আবাসীৰ অভিযোগ ।

কিছুদিন পূৰ্বে ফেচবুকতো স্বেচ্ছাসেৱী সংগঠনটোত থকা মহিলাৰ দুৰ্দশাৰ বিষয়টো পোহৰলৈ আহিছিল । উক্ত Home for Mental ill personত 25গৰাকী মহিলা মানসিক ৰোগী আছে । বিশেষকৈ আৰক্ষী আৰু প্ৰশাসনে উদ্ধাৰ কৰি অনা মানসিক ৰোগীক ইয়াত ৰখা হয় । প্ৰশাসন আৰু আৰক্ষীৰ বিৰুদ্ধেও আছে অভিযোগ । তেওঁলোকে ৰোগীসকলক উদ্ধাৰ কৰি স্বেচ্ছাসেৱী সংগঠনটোক চমজাই দায় সামৰে ।

কিন্তু Home for Mental ill person নামৰ এই আশ্ৰমখনত কেনেদৰে ৰোগীসকল আছে এই বিষয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ । আশ্ৰম কৰ্তৃপক্ষৰো আৰক্ষী, প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে অভিযোগ আছে । তেওঁলোকে এইসকল মহিলা মানসিক ৰোগীৰ বাবে কোনোধৰণৰ পুঁজি নোপোৱাৰ ফলত ৰোগীসকলৰ খাদ্য, বস্ত্ৰ আৰু চিকিৎসাৰ অভাৱ হৈছে বুলি অভিযোগ কৰে ।

স্বেচ্ছাসেৱী সংগঠনটোত কৰ্মৰত ক্ষীৰেশ্বৰী শইকীয়াই নিজৰ সোণৰ আ-অলংকাৰ বিক্ৰী কৰি মহিলা মানসিক ৰোগীসকলৰ খাদ্য-বস্ত্ৰ-চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰে ৷ কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ কোনোধৰণৰ কাণসাৰ নাই বুলি তেওঁ জানিবলৈ দিয়ে ।

আনহাতে বৰ্তমান ক্ষীৰেশ্বৰী শইকীয়া নামৰ মহিলাগৰাকীও এগৰাকী কেন্সাৰ ৰোগী বুলি জানিব পৰা হৈছে ৷ আৱাসিক এলেকাৰ লোকসকলে শীঘ্ৰে Home for Mental ill person ৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে ৷ তেওঁলোকে এইসকল মানসিকভাৱে অক্ষম লোকক লৈ ল'ৰা ধেমালি নেখেলিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৷

লগতে পঢ়ক: Eco friendly hi tech airport terminal: সেউজীয়া বাগিচাৰ মাজত বিমানবন্দৰৰ টাৰ্মিনেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.