Asian Elite Boxing Championships: এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ইতিহাস ৰচনা শিৱৰ

author img

By

Published : Nov 13, 2022, 12:15 PM IST

Asian Elite Boxing Championships

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন শিৱ থাপাৰ(Shiva Thapa in Asian Boxing Championships final) ৷ ফাইনেল খেলখনৰ মাজতেই শিৱ আঘাতপ্ৰাপ্ত হোৱাত খেলখন আধাতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় শিৱই ।

স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰ : জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হ’ল ভাৰতীয় বক্সাৰ শিৱ থাপা (Indian boxer in Asian Boxing Championship) ৷ শিৱ ফাইনেল খেলখনৰ মাজতেই আঘাতপ্ৰাপ্ত হোৱাত খেলখন আধাতেই প্ৰত্যাহাৰ কৰিবলগীয়া হয় । অৱশ্যে প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন কৰিলেও ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় শিৱ ৷

ফাইনেলত পৰাস্ত হ’লেও চলিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো শিৱ থাপাই নিজৰ ফৰ্ম অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত শিৱই ২০১৯ চনৰ এছিয়ান চেম্পিয়ন তাজিকিস্তানৰ বখোদুৰ উচমানভক পৰাস্ত কৰি ফাইনেলত অৱতীৰ্ণ হয় । ফাইনেলত তেওঁ উজবেকিস্তানৰ আব্দুল ৰুছলানৰ বিৰুদ্ধে অৱতীৰ্ণ হয়(Shiva Thapa in Asian Boxing Championships final) ৷

ফাইনেল খেলখনৰ প্ৰথম ৰাউণ্ডত দুয়োজন বক্সাৰে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষত, উজবেকিস্তানৰ বক্সাৰগৰাকীয়ে আধিপত্য বিস্তাৰ কৰে । দ্বিতীয় ৰাউণ্ডত, থাপাই পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও তেওঁ পৰি আঘাতপ্ৰাপ্ত হয় ৷ শিৱৰ এই আঘাত গুৰুতৰ হোৱাত ৰেফাৰীয়ে খেলখন বন্ধ কৰে আৰু প্ৰতিদ্বন্দী আব্দুল' ৰুছলানক বিজয়ী ঘোষণা কৰে ৷

এছিয়ান চেম্পিয়নশ্বিপত থাপাৰ এইটো ষষ্ঠ পদক । শিৱই এছিয়ান চেম্পিয়নশ্বিপত এটা স্বৰ্ণ (২০১৩), তিনিটা ৰূপ (২০১৭, ২০২১ আৰু ২০২২) আৰু দুটা ব্ৰঞ্জৰ পদক (২০১৫ আৰু ২০১৯) অৰ্জন কৰিছিল । ইয়াৰ পূৰ্বে এছিয়ান গেমছৰ পুৰুষ শাখাৰ ইতিহাসত কাজাকিস্তানৰ কিংবদন্তি বক্সাৰ ভাচিলি লেভিটে সৰ্বাধিক মেডেল অৰ্জন কৰিছিল ৷

শিৱই এইবাৰ ৰূপৰ পদক(Shiv Thapa won Sliver medal) অৰ্জনৰ লগে লগে তেওঁ মেডেল তালিকাত ভাচিলি লেভিটক চেৰ পেলায় এছিয়ান গেমছৰ পুৰুষ শাখাৰ ইতিহাসত সৰ্বাধিক মেডেল অৰ্জন কৰা খেলুৱৈৰ খিতাপ অৰ্জন কৰে । এছিয়ান চেম্পিয়নশ্বিপত শিৱ থাপাৰ পূৰ্বে এল সৰিতা দেৱীয়ে সৰ্বাধিক ৮ টা আৰু এম চি মেৰী কমে ৭ টা পদক অৰ্জন কৰিছে ৷

উল্লেখ্য যে, চলিত এছিয়ান গেমছত শিৱৰ উপৰি অসমৰ লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে অংশগ্ৰহণ কৰিছিল(Assam boxer in Asian Boxing Championship) ৷ লাভলীনাই ফাইনেলত উজবেকিস্তানৰ ৰুজমেট’ভা শ্বুখিবাৰ ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে । আনহাতে অংকুশিতা বড়োৱে ছেমি ফাইনেলত পৰাজয়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে ।

লগতে পঢ়ক : Asian Elite Boxing Championships: স্বৰ্ণ পদক আঁজুৰি আনিলে অসম কন্যা লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.