New Political equation of DAC: দেউৰী স্বায়ত্ত-পৰিষদ গঠনৰ নতুন সমীকৰণ, আজি মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব জে পি পি

author img

By

Published : Nov 13, 2022, 12:27 PM IST

JPP

তুঁহ-খেৰৰ জুই ৰূপে পৰিণত হোৱাৰ দিশে আগবাঢ়িছে নতুনকৈ গঠন হোৱা দেউৰী আঞ্চলিক ৰাজনৈতিক দল JPP (জিম'চাঁয়া পিপলছ পাৰ্টী) ৷ নতুনকৈ গঠন হৈয়েই কংগ্ৰেছ দলৰ সহযোগত ২২ খন আসনৰ ৭ খন দখল কৰি নিৰ্বাচনী চমক দিছিল (DAC election results) ৷ বিজেপিক প্ৰৱল প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল JPP দল ৷ দেউৰী ৰাইজেও আগবঢ়াইছিল সমৰ্থন ৷ কিন্তু নিৰ্বাচনী ফলাফলত সফলতাৰ পিছতেই এতিয়া বিজেপিৰ শৰণাপন্ন হ’বলৈ সাজু হৈছে জিম'চাঁয়া ৷

গুৱাহাটী, ১৩ নৱেম্বৰ : চৰকাৰী কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী ব্যস্ত ৷ গুৱাহাটীত বাহৰ পাতি সাক্ষাতৰ বাবে বোন্দাপৰ বিজেপি বিৰোধী হৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া (JPP team camped in Guwahati) ৷ এক কথাত তুঁহ-খেৰৰ জুই ৰূপে পৰিণত হোৱাৰ দিশে আগবাঢ়িছে নতুনকৈ গঠন হোৱা দেউৰী আঞ্চলিক ৰাজনৈতিক দল JPP (জিম'চাঁয়া পিপলছ পাৰ্টী) ৷

JPP
বিজেপিৰ শৰণাপন্ন হ’ব দেউৰী আঞ্চলিক দল

নতুনকৈ গঠন হৈয়েই কংগ্ৰেছ দলৰ সহযোগত ২২ খন আসনৰ ৭ খন দখল কৰি নিৰ্বাচনী চমক দিছিল দলটোৱে (DAC election results 2022) ৷ বিজেপিক প্ৰৱল প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল JPPয়ে ৷ দেউৰী ৰাইজেও আগবঢ়াইছিল সমৰ্থন ৷ কিন্তু নিৰ্বাচনী ফলাফলত সফলতাৰ পিছতেই এতিয়া বিজেপিৰ শৰণাপন্ন হ’বলৈ সাজু হৈছে জিম'চাঁয়া ৷

নিৰ্বাচনত বিজেপিক কংগ্ৰেছৰ সহযোগত বাৰুকৈয়ে বিপৰ্যস্ত কৰি তোলা জিম'চাঁয়াৰ নৱনিৰ্বাচিত ৭ জন পাৰিষদক লগত লৈ গুৱাহাটীৰ হোটেলত বাহৰ পাতিছে জিম'চাঁয়াৰ নেতৃবৃন্দই ৷ গুৱাহাটীত বাহৰ পতাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা (JPP will meet Assam CM) ৷ এই দলটোৰ নেতৃত্বত আছে জিম'চাঁয়াৰ সভাপতি মহেশ দেউৰী আৰু মুখ্য প্ৰধান সম্পাদক পদ্ম দেউৰীকে ধৰি মুঠ ১২ জন লোক ৷ দেওবাৰে দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা ৷

JPP
বিজেপিৰ শৰণাপন্ন হ’ব দেউৰী আঞ্চলিক দল

জিম'চাঁয়াৰ এজন নৱনিৰ্বাচিত পৰিষদীয় সদস্যৰ সৈতে ইটিভি ভাৰতৰ হোৱা কথা বতৰাত জনায় যে জিম'চাঁয়াই বিজেপিৰ সৈতে মিত্ৰতাৰে পৰিষদ গঠন কৰিব বিচাৰিছে (JPP party wants to merge with BJP) ৷ কিন্তু এতিয়া পৰ্যন্ত বিজেপিত মিলি যোৱাৰ কথা চিন্তা কৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ পিছতহে সকলো কথা স্পষ্ট হ’ব ৷ প্ৰাপ্ত খবৰ মতে আজি সন্ধিয়াৰ ভাগলৈ জিম'চাঁয়াৰ নেতৃবৃন্দৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী ৷

বিজেপিৰ সৈতে নিৰ্বাচনী শত্ৰুতা আৰু কংগ্ৰেছৰ সহযোগিতা পাহৰিব খুজি এতিয়া সোঁতত উটি গৈ ক্ষমতাৰ লোভত শাসকীয়ৰ সৈতে মিলি যাব খুজিছে নৱ গঠিত দেউৰী আঞ্চলিক দলটোৱে ৷ দেউৰী পৰিষদীয় নিৰ্বাচনত মাত্ৰ ১১ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি ৷ আনহাতে জিম'চাঁয়া দলৰ সৈতে বুজাবুজি কৰি কংগ্ৰেছ দলে দেউৰী পৰিষদীয় নিৰ্বাচনত মাত্ৰ ১৪ খন আসনতহে প্ৰতিদন্দ্বিতা কৰি জয় লাভ কৰিছিল ২ খন আসনহে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিক প্ৰতিহত কৰিবৰ বাবে এয়া তেঁওলোকৰ ৰণকৌশল বুলি দাবী কৰিছিল ৷ এতিয়া জিম'চাঁয়াৰ নেতাই মুখ্যমন্ত্ৰীক সাক্ষাৎ লাভৰ বাবে গুৱাহাটীত বাহৰ পতা কাৰ্যই ভূপেন বৰাক যে অস্বস্তিত পেলাইছে সেয়া নিশ্চিত ৷

অৱশ্যে জিম'চাঁয়া দলটোৰ নেতৃত্বই এই পৰ্যন্ত নিজৰ স্থিতি স্পষ্ট কৰা নাই, তেঁওলোকে দেউৰী ৰাইজৰ জনমত মতে বিৰোধীৰ আসনত বহিব নে বিজেপিৰ বিৰোধিতা কৰি নিৰ্বাচন জিকি আহি এতিয়া বিজেপিৰ সৈতে পৰিষদ গঠন কৰিব !

লগতে পঢ়ক :Political war in Goalpara Municipality: আস্থা-অনাস্থাৰ ৰাজনীতিত বিধ্বস্ত গোৱালপাৰা পৌৰসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.