Erosion at Amguri: আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

By

Published : Nov 13, 2022, 2:27 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে(Erosion at Sivasagar) । ৰূপহীমুখত খহনীয়াত সৰ্বশ্ৰান্ত হৈ উঠিছে বহু পৰিয়াল ৷ মাটি-বাৰী, ঘৰ-ভেঁটি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি বহু পৰিয়াল ভূমিহীন হৈ পৰিছে(Brahmaputra river Erosion at Amguri) ৷ ১৯৮০ চনৰে পৰাই খহনীয়াৰ কৱলত পৰিছে ৰূপহীমুখ অঞ্চলৰ শ শ পৰিয়ালে ৰূপহীমুখ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা হৈছে । এফালে যদি বান আনফালে গৰাখহনীয়া । প্ৰতিবছৰেই বানত ককবকাই থকা ৰূপহীমুখৰ দীৰ্ঘদিনীয়া সমস্যাৰ আজি পৰ্যন্ত স্থায়ী সমাধান হোৱা নাই । ৰূপহীমুখৰ জনতাৰ দুৰৱস্থা ৰাজ্যৰ জলসম্পদ বিভাগে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত শীঘ্ৰে ৰাজ্য চৰকাৰক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.