অসম

assam

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Sep 15, 2022, 12:59 PM IST

TOP 10 AT 1PM

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

ST status for Tribes: আকৌ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী

বুধবাৰে এক ঐতিহাসিক সিদ্ধান্তত কেন্দ্ৰীয় কেবিনেটে (Union Cabinet led PM Modi granted ST) ছত্তিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় (Union Cabinet approved 5 states tribes as ST) ।

ঘৰৰ সীমাৰ বেৰত বিদ্যুৎ সংযোগ কৰা বিপুল চৌধুৰীক আটক

নলবাৰীৰ বিপুল চৌধুৰী নামৰ লোকজনে ঘৰৰ সীমাবেৰত বিদ্যুৎ সংযোগ কৰি থৈছিল । সেই তাঁৰত লাগিয়ে বুধবাৰে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল নলবাৰীৰ অমিত দাস নামৰ কিশোৰজনে (Teenager dies of electrocution in Nalbari)। মৰণফান্দ পতা বিপুল চৌধুৰীক নলবাৰী আৰক্ষীয়ে নিশা আটক কৰে ।

যোগীৰ ৰাজ্যত ২ দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা: গছত ওলোমাই থ’লে মৃতদেহ

লখিমপুৰৰ খেৰী জিলাৰ নিঘাচন অঞ্চলৰ এখন গাঁৱত দুই ভগ্নীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে । প্ৰায় ১৪ আৰু ১৭ বছৰ বয়সৰ দলিত ভগ্নী দুগৰাকীৰ মৃতদেহ তেনেদৰে গছত ওলমি থকা অৱস্থাত পোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা (Two Dalit sisters body found hanging in Kheri)।

মাধৱদেৱৰ তিৰোভাৱ তিথি : গুৰু বন্দনাৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

আজি শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (426th death anniversary of Madhavdev) । চাৰি প্ৰসংগীয়া পাল-নামত গুৰু বন্দনাৰে বন্দিত শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ । পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰিছেহি ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত (Death anniversary of Madhavdev observe at Dhekiakhowa Bor Namghar) ।

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত বুধবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড (Fire broke out in MLA Teras Gowala house) । বিধায়কগৰাকীৰ পাকঘৰ আৰু শোৱনি কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড (Fire incident in Duliajan) ।

মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ (Baghjan fire incident)? মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে বিলখনলৈ কঢ়িয়াই আনিছে তীব্র ভাবুকি (threat to the Maguri Beel) । পুনৰ নতুন তৈলখাদ স্থাপনক লৈ সৰৱ পৰিৱেশকৰ্মীৰ লগতে বাঘজানবাসী ।

মধ্যাহ্ন ভোজন গ্ৰহণ কৰি বকোৰ তিনিগৰাকী ছাত্ৰী অসুস্থ

কামৰূপৰ বকো ছমৰীয়াৰ পুঠিমাৰী শালমাৰা আঞ্চলিক অনুসূচীত মধ্য ইংৰাজী বিদ্যালয়ত মধ্যাহ্ন ভোজনত বিষক্ৰিয়াজনিত (Mid day meal in Boko) ৷ গুৰুতৰভাৱে অসুস্থ 41 গৰাকীকৈ শিক্ষাৰ্থী ৷ তেওঁলোকৰ তিনিগৰাকীক সংকটজনক অৱস্থাত ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ পৰা বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ ৷

জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

জেহাদী সম্পৰ্কে অসম আৰক্ষীয়ে যেতিয়ালৈকে খবৰ আৰু তথ্য পাই থাকিব তেতিয়ালৈকে অভিযানো অব্যাহত থাকিব ৷ গোৱালপাৰাত উপস্থিত হৈ আজি এই মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত লণ্ডন ভ্ৰমণ কৰি ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু ভাৰত চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰিব (President Murmu to attend Queen Elizabeth funeral) ।

Vicky Kaushal Katrina Kaif news: প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে বিকী-কেটৰিণাই

বিকী-কেটৰিণাৰ শেহতীয়া ভাইৰেল হোৱা ফটো দেখি জল্পনা-কল্পনাত শুব পৰা নাই অনুৰাগী ৷ প্ৰথমবাৰৰ বাবে বিকী-কেটৰিণা স্ক্ৰীণত একেলগে দেখা পাই অনুৰাগীৰ গা একেবাৰে সাতখন আঠখন ৷ শ্বুটিঙৰ পৰা ছবিবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দুয়োকে সাংঘাতিক ধুনীয়া দেখাইছে ফটোবোৰত !

ABOUT THE AUTHOR

...view details