মাধৱদেৱৰ তিৰোভাৱ তিথি : গুৰু বন্দনাৰে মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

By

Published : Sep 15, 2022, 11:03 AM IST

thumbnail

আজি শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (426th death anniversary of Madhavdev) । চাৰি প্ৰসংগীয়া পাল-নামত গুৰু বন্দনাৰে বন্দিত শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ । পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰিছেহি ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত (Death anniversary of Madhavdev observe at Dhekiakhowa Bor Namghar) । আশিষ লৈছে নেদেখাজনৰ চৰণত ৷ ইপিনে নামঘৰ পৰিচালনা সমিতিয়েও মহাপুৰুষ মাধৱদেৱৰ তিথি উপলক্ষ্যত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । ইতিমধ্যে প্ৰভাতি প্ৰসংগ সমাপন কৰাৰ পাচত নামৰঘৰৰ প্ৰাংগণত অসমীয়া সংস্কৃতিৰ অনবদ্য সৃষ্টি গায়ন বায়ন পৰিৱেশন কৰা পৰিলক্ষিত হৈছে নৱ প্ৰজন্মৰ একাংশ শিল্পীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.