ETV Bharat / health

কঁকালৰ বিষ আছে নেকি ? তেন্তে আজিৰ পৰাই কৰক এই কেইটা আসন - Yoga Benefits

Yoga Benefits: কঁকালৰ বিষৰ সমস্যাত ভুগি আছে নেকি? যোগাসনে তাৎক্ষণিকভাৱে পাব পাৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ এই সম্পৰ্কে জনালে ইটিভি ভাৰত সুখীভৱৰ আগত এনেদৰে জনালে যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্যই ৷

Yoga
কঁকালৰ বিষ আছে নেকি ? তেন্তে আজিৰ পৰাই কৰক এই কেইটা আসন
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 5:23 PM IST

2 Min Read
Choose ETV Bharat
যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্য

গুৱাহাটী, 29 এপ্ৰিল: যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান ৷ নিয়মিতভাৱে যোগ সাধনাই ব্যক্তি এজনক শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ লগতেই কাম কৰিবলৈও প্ৰেৰণা যোগায় ৷ সমান্তৰালভাৱে এজন ব্যক্তিয়ে যদি দৈনিক যোগ সাধন কৰে তেন্তে তেওঁ বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হয় ৷

যোগাসনে শৰীৰ, মন আৰু আত্মাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে । শৰীৰ আৰু মনক শান্ত কৰিবলৈ যোগে শাৰীৰিক আৰু মানসিক অনুশাসনৰ ভাৰসাম্য সৃষ্টি কৰে । মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণতো যোগে সহায় কৰে। যোগাসনে শক্তি, শৰীৰৰ নমনীয়তা আৰু আত্মবিশ্বাস গঢ়ি তোলা বুলি জনা যায়।

বৰ্তমান সময়ত বহুলোকে জীৱনশৈলীৰ বাবে হওক বা কামৰ বাবে হওক কঁকালৰ বিষ হোৱা দেখা যায় ৷ সকলো বয়সৰ মানুহৰে কম বেছি পৰিমাণে এই সমস্যাত ভোগা পৰিলক্ষিত হয় ৷ যোগৰ দুটা আসনেৰে এই সমস্যা পৰা পৰিত্ৰাণ পাব পাৰে ৷

ভুজঙ্গাসন: প্ৰথমতে পেট পেলাই শুই ল'ব ৷ হাত দুখন বুকুৰ ওচৰত আনি হাতৰ ওপৰত জোৰ দি বুকুখন ক্ৰমে আগফাললৈ নি ওপৰলৈ উঠিব লাগিব ৷ প্ৰথমে সম্পূৰ্ণ উঠিব নালাগে ৷ তেনেদৰে ১০-১৫ চেকেণ্ড মান ৰোৱাৰ পাছত সম্পূৰ্ণ উঠি ওপৰলৈ চাব ৷ এনেদৰে ১০-১৫ চেকেণ্ড ৰোৱাৰ পাচত ভৰিলৈ চাই দিব ৷ তেনেদৰে ৫ চেকেণ্ড মান চোৱাৰ পাছত সিখন ভৰি চাব ৷ তেনেদৰেও ৫ চেকেণ্ড মান ৰৈ লাহেকৈ শুই দিব ৷

উস্ত্ৰাশন: প্ৰথমে আঁঠু কাঢ়ি ভালদৰে বহি ল'ব লাগিব ৷ গেৰুৱাত দুয়োখন হাতেৰে চুব লাগিব ৷ তাৰ পিছত ডিঙিটো পিচফালে কৰি ওপৰলৈ চাই দিব ৷ হাতৰে অসুবিধা হলে কঁকালত হাত দিওঁ কৰিব পাৰে ৷ শিশুসকলে দৈনিক এই আসন কৰিলে তেওঁলোকৰ উচ্চতা বঢ়াত ই সহায় কৰিব ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত মেকআপ নোহোৱা হৈ যায় নেকি ? তেন্তে অনুসৰণ কৰক এই টিপছ - Summer Makeup Tips