ETV Bharat / state

মৃত্যুৰ উপত্যকালৈ পৰিণত ভোগদৈ, দুমাহত তিনিগৰাকী যুৱকৰ অকাল মৃত্যু - THREE YOUTH DEATH

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 6:56 PM IST

Illegal Sand Mining at Bhogdoi River : ক্ৰমাৎ মৃত্যু উপত্যকালৈ পৰিণত হৈছে ভোগদৈ নদী ৷ দুমাহৰ ভিতৰতে তিনিগৰাকী সম্ভাৱনাময় যুৱকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ভোগদৈত ।

Bhogdoi river
THREE YOUTH DEATH (etv bharat assam)

মৃত্যু উপত্যকালৈ পৰিণত ভোগদৈ, দুমাহত তিনিগৰাকী যুৱকৰ অকাল মৃত্যু (etv bharat assam)

যোৰহাট, 17 মে’: যোৰহাটবাসীৰ আয়ুসৰেখা স্বৰূপ ভোগদৈ নদীলৈ ভাবুকি । অবৈধ বালি খননে বিপদ মাতিছে ভোগদৈলৈ । ভোগদৈৰ বক্ষত ফকলেণ্ড নমাই একাংশ ভূ-মাফিয়াই দিনে নিশাই অৱৈধভাৱে খনন কৰি গৈছে বালি আৰু মাটি ।

একাংশ বালি মাফিয়াই ভোগদৈ নদীৰ বুকুত অবাধ হাৰত বালি আৰু মাটি খনন কৰি বিভিন্ন স্থানত দ-গাঁতৰ সৃষ্টি কৰা ফলত দুটা মাহত তিনিজন সম্ভৱনাময় যুৱকে অকালতে মৃত্যুক সাৱটিবলগীয়া হৈছে ৷ বৃহস্পতিবাৰে বিয়লি ভাগত কাছগড়ালৰ ভাস্কৰ নগৰৰ সমীপৰ ভোগদৈ নদীত নামোতে হঠাৎ পিছলি পৰি মৃত্যু মুখত পৰে এগৰাকী যুৱক । মৃত যুৱকজন চাৰিগাঁৱৰ কাঠনিয়াকুৰিৰ প্ৰসাদ ভূঞা পুত্ৰ গৌৰাংগ ভূঞা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা অনুসৰি, কেইগৰাকীমান যুৱকৰ সৈতে ভিডিঅ’ শ্বুটিং কৰিবলৈ গৌৰাংগ ভূঞা ৷ গৌৰাংগই ভোগদৈ নদীত নামোতেই দ-গাঁতত সোমাই যায় যুৱকজন, হঠাতে তেওঁৰ লগত অহা যুৱককেইজনে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ওলাই আহি নদীখনৰ পৰা যুৱকজনক উদ্ধাৰ কৰে ৷ লগে লগে যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ অৱস্থাতেই গৌৰাংগই মৃত্যুক আকোঁৱালি লয় ।

লগতে পঢ়ক: এক্সেভেটৰ লৈ ভোগদৈৰ বুকু কুৰুকিছে কোনে ? - Illegal mining in Bhogdoi river

শুকুৰবাৰে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতেই যুৱকৰ মৃতদেহটো পৰিয়ালৰ লোকক ছমজাই দিব বুলি জানিব পৰা গৈছে ।

তাপৰ্যপূৰ্ণ যে, একাংশ বালি মাফিয়াই নীৰ্তি-বহিভূতভাৱে এস্কেভেটৰ আৰু ফকলেণ্ড লগাই ভোগদৈ নদীৰ বুকুত বালি আৰু মাটি খনন কৰা ফলত ভোগদৈৰ বুকুত দ গাঁতৰ সৃষ্টি হয় । এই গাঁতসমূহ দেখাত বালিৰে পৰিপূৰ্ণ হৈ থকা দৰে লাগে যদিও সেই ঠাইত তললৈ নমাৰ লগে লগে লোক সোমাই পৰে আৰু মৃত্যুৰ মুখত পৰে ৷ ফলত যোৱা দুটা মাহৰ ব্যৱধানত ভোগদৈৰ দ-গাঁতত পৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় এজন ছাত্র, মৰিয়নীৰ এজন ছাত্ৰৰ লগতে বৃহস্পতিবাৰে সন্ধিয়া আন এজন যুৱকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে ৷ আনহাতে ভোগদৈৰ দ-গাঁতত পৰি কেৱল মানুহৰে নহয় গৰু-ছাগলীৰো মৃত্যু হৈছে ৷

লগতে পঢ়ক: লুইতখন শুকাইছে কিয় ? - BRAHMAPUTRA RIVER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.