ETV Bharat / state

এক্সেভেটৰ লৈ ভোগদৈৰ বুকু কুৰুকিছে কোনে ? - Illegal mining in Bhogdoi river

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:26 PM IST

Bhogdoi River: অবৈধ খননে মৃত্যুৰ মুখলৈ ঠেলি দিছে ভোগদৈ নদীক ৷ কাৰ কৃপাত চলিছে অবৈধ খননকাৰ্য ? কিদৰে তৎপৰতা দেখুৱাইছে বন বিভাগে ?

ILLEGAL MINING IN BHOGDOI RIVER
অবৈধ খনন অব্যাহত আছে ভোগদৈ নৈত (ETV Bharat Assam)

অবৈধ খনন অব্যাহত আছে ভোগদৈ নৈত (ETV Bharat Assam)

যোৰহাট, 16 মে’ : মৃত্যুৰ কৰাল গ্ৰাসত পৰিছে যোৰহটীয়া ৰাইজৰ স্বাভিমান ভোগদৈ ৷ অবৈধ খননকাৰ্যই মৃত্যুৰ মুখলৈ ঠেলি নিছে চিৰপ্ৰবাহিত নৈখনক ৷ ভোগদৈৰ বুকুত নীতি বহিৰ্ভূতভাৱে চলি থকা এই অবৈধ খন আৰু কোনো বিজ্ঞান সন্মত তথা প্ৰণালীবদ্ধভাৱে খনন নকৰাৰ ফলত সম্প্ৰতি এই দশা হৈছে ভোগদৈৰ ।

তদুপৰি অবৈধভাৱে মাটি খনন কৰাৰ ফলত ভোগদৈৰ বুকুত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ সেই গাঁতত সোমাই দুজনকৈ ছাত্ৰই অকালতে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে ৷ এনে ঘটনাৰ পিচত নৈখনত চলি থকা অবৈধ খননৰ বিৰুদ্ধে প্ৰশাসনক বিভিন্ন দল-সংগঠন আৰু ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে ৷
তদুপৰি অবৈধ মাটি খননৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছিল ৷ দল-সংগঠন আৰু ৰাইজৰ প্ৰবল দাবীত সেও মানি অৱশেষত মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয়ে গ্ৰহণ কৰে বিহীত ব্যৱস্থা ।

বৃহস্পতিবাৰে মৰিয়নীৰ কঠালগুৰিত ভোগদৈ নৈৰ সমীপত অবৈধভাৱে মাটি খনন কাৰ্য তথা ভোগদৈৰ মাটি সৰৱৰাহ কৰি থকা অৱস্থাত তিনিখন ডাম্পাৰ আৰু এখন এস্কেভেটৰ জব্দ কৰা হয় ৷ মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয় পৰা যোৱা বনকৰ্মীৰ দলে জব্দ কৰা ডাম্পাৰকেইখনৰ পঞ্জীয়ন নম্বৰ হ’ল- AS05 C7555, AS03 BC5100, AS03 BC 3671 আৰু এস্কেভেটৰখনৰ পঞ্জীয়ন নম্বৰ হ’ল AS05 V6910.

উক্ত স্থানৰ পৰা ডাম্পাৰ চালক আৰু হেণ্ডিমেনসহ মাটি খননত জড়িত আন লোকসকলে পলায়ন কৰে । তাৎপযপূৰ্ণ যে দীৰ্ঘদিন ধৰি ৰাইন’ কনষ্ট্ৰাকশ্যন লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে একাংশ লোকৰ লগত বুজাবুজি কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থত অবৈধভাৱে ভোগদৈৰ বুকুত মাটি খনন কৰি নৈখনক মৃত্যুৰ মুখলৈ ঠেলি আহিছে ৷

তদুপৰি একাংশ ভূ-মাফিয়া এখোপ ওপৰলৈ গৈ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আনি গিবন অভয়াৰণ্যৰ কাষতে চলাই গৈছিল বালি আৰু মাটি খনন ।

লগতে পঢ়ক: লুইতখন শুকাইছে কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.