১৫০ কিলোমিটাৰ মথাউৰি মেৰামতিৰ বাবে ধন আৱন্টন চৰকাৰৰ: পীযুষ হাজৰীকা - Embankment construction in Assam
Funds for embankments: এই সময়ছোৱাত বৰাক উপত্যকাৰ ৭ টাকৈ মথাউৰি বানৰ কবলত ধ্বংস হয় আৰু এই সমূহ সম্পূৰ্ণৰূপে মেৰামতি কৰা হয় বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ লগতে জনায় যে বাৰিষাৰ সময়ত ১৫ মে' ৰ পৰা ছেপ্টেম্বৰ লৈ কোনো ধৰণৰ স্থায়ী নিৰ্মাণ কাম হাতত লোৱা নহয় ।

Published : June 14, 2024 at 11:05 PM IST
তেজপুৰ, ১৪ জুন : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই এতিয়া ৰাজনৈতিক কথা নাপাতে । এতিয়া ৰাজ্যৰ উন্নয়নৰ কাম কৰাৰ সময়, গতিকে ৰাজ্যত বানপানী সমস্যাৰ সমাধান কৰিবলৈ সকলো সমষ্টি ভ্ৰমণ কৰিছে মন্ত্ৰী হাজৰীকাই । তেওঁ কয় যে এই সময়ছোৱাত বৰাক উপত্যকাৰ ৭ টাকৈ মথাউৰি বানৰ কবলত ধ্বংস হয় আৰু এই সমূহ সম্পূৰ্ণৰূপে মেৰামতি কৰা হয় । তেজপুৰত শুকুৰবাৰে সন্ধিয়া উপস্থিত হৈ এইদৰে মন্তব্য় কৰে মন্ত্ৰী হাজৰীকাই ।
আনহাতে, তেওঁ কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাত কোনো ধৰণৰ মথাউৰি বানৰ কবলত ধ্বংস হোৱা নাই বৰ্তমানলৈকে । পূৰ্বতে ৰাজ্যত ৪০ টাকৈ মথাউৰি ভাঙিছিল, কিন্তু যোৱা বছৰ মাত্ৰ ২০-২১ টা ভাঙিছে আৰু সেই সমূহ নিৰ্মাণ কৰা হৈছে । বানৰ সম্ভাৱনা থকা অঞ্চলত ধ্বংস হৈ পৰা মথাউৰিসমূহ জল সম্পদ বিভাগে পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁ লগতে জনায় যে বাৰিষাৰ সময়ত ১৫ মে' ৰ পৰা ছেপ্টেম্বৰ লৈ কোনো ধৰণৰ স্থায়ী নিৰ্মাণ কাম হাতত লোৱা নহয় ।
ইতিমধ্যে উজনি অসমৰ বিভিন্ন অঞ্চলৰ বানৰ সম্ভাৱনা থকা অঞ্চলত মথাউৰিসমূহ বিভাগে পৰ্যবেক্ষণ কৰিছে । আনহাতে, অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ প্ৰায় তিনিশ কিলোমিটাৰ মথাউৰিৰ ভিতৰত প্ৰায় ১৫০ কিলোমিটাৰ মেৰামতি কৰাৰ বাবে ধন মোকোলাই দিয়া বুলি সদৰী কৰে বিভাগীয় মন্ত্ৰী হাজৰীকাই । আদি সন্ধিয়া জলসম্পদ বিভাগৰ বিষয়-ববীয়াসকলৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰীকা ।
লগতে তেজপুৰ পৌৰ সভাৰ কমিটীৰ মাজত হোৱা এক ভিতৰুৱা অন্তঃকন্দলৰ ফলত সভাৰ সদস্যই অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ সন্দৰ্ভত অবিভাৱক মন্ত্ৰী হাজৰীকাই আন এক বৈঠকত মিলিত হৈ অনাস্থা পত্ৰ উঠাই লোৱাৰ বাবে মান্তি কৰায় । মন্ত্ৰী হাজৰীকাই কাইলৈ বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ বান-খহনীয়াৰ কবলত পৰা মথাউৰি সমূহ পৰিদৰ্শন কৰিব বুলি কয় ।

