শীঘ্ৰেই প্ৰবাহমান হ'ব কলং: হাতীমূৰাৰ পৰা শুভবাৰ্তা দিলে মন্ত্ৰী পীযুষ হাজৰীকাই - Kolong river rejuvenation project
Sluice Gate at Kolongmukh: কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ শ্লুইছ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ । লুইতৰে সংযোজিত কৰা নলাৰ লগত সংযোগৰ কাম আৰম্ভ কৰিলে মন্ত্ৰী কেশৱ মহন্তই ।

Published : June 14, 2024 at 10:40 PM IST
কলিয়াবৰ, ১৪ জুন: বহু বিশিষ্ট কবি,সাহিত্যিকৰ কলমত প্ৰাণ পাইছিল মধ্য অসমৰে হৃদপিণ্ড স্বৰূপ কলঙে । এই কলঙৰ বুকুতেই পোতখাই আছে ইতিহাসৰ বহুতো সমল । কিন্তু হঠাৎ স্তব্ধ পৰিছিল কলং । স্তব্ধ হৈ পৰা কলঙৰ পৰাই প্ৰদূষণ সৃষ্টিৰ আশংকা হৈছিল । সেয়েহে সকলোৱে বিচাৰিছিল এই কলঙে প্ৰাণ পাই উঠক । চৰকাৰে পুনৰ প্ৰবাহমান কৰিবলৈ চেষ্টা কৰা কলঙেৰে কেতিয়া পানীৰ সোঁত বোৱাব তাক লৈ চৰ্চা কৰি থকাৰ মাজতেই শুভ সংবাদ দিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । শুকুৰবাৰে জলসম্পদ মন্ত্ৰী গৰাকীয়ে কলিয়াবৰৰ হাতীমুৰাত উপস্থিত হোৱাৰ সময়তে ক'লে, "ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িলেই বোৱতী হ'ব কলং ।"
কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ শ্লুইছ গেটৰ কাম পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে শীঘ্ৰেই কলঙৰে পানীৰ সোঁত ব'ব । ২৩ কিলোমিটাৰ কলঙৰ খননকাৰ্য অব্যাহত আছে । ইতিমধ্যে সম্পূৰ্ণ হৈছে ৬ কিলোমিটাৰৰ খনন । জলসম্পদ মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ অন্তত কলঙৰে লুইতৰ পানী অতি শীঘ্ৰেই ব'ব বুলি কৰা ঘোষণাত উৎফুল্লিত হৈ পৰিছে কলিয়াবৰৰ জনতা । ইতিমধ্যে শ্লুইছ গেটৰ সন্মুখভাগত থকা অস্থায়ী মথাউৰিটো কাটি লুইতৰে সংযোজিত কৰা নলাৰ লগত সংযোগ কৰাৰ কাম আজিৰ পৰা শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই । পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লৈ কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ শ্লুইছ গেট পৰিদৰ্শন কৰি এই বাৰিষাতে লুইতৰ পানী কলঙেৰে ব'ব বুলি ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।
উল্লেখ্য় যে ১৩৫ কোটি টকা ব্যয়ৰে কলং পুনৰুজ্জীৱিতৰ বাবে কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত কলং বোৱতীকৰণৰ প্ৰকল্প আৰম্ভ কৰিছিল চৰকাৰে । নগাঁও জিলাৰ মাজেৰে বৈ যোৱা কলঙক পুনৰ বোৱতী কৰিবৰ বাবে ২০২০ চনৰ ৩০ অক্টোবৰতে তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভ কৰিছিল প্ৰকল্পৰ কাম । এই পৰিদৰ্শনত মন্ত্ৰী পীযুষ হাজৰীকাক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক জিতু গোস্বামীয়ে ।

