ETV Bharat / health

গ্ৰীষ্মকালত মেকআপ নোহোৱা হৈ যায় নেকি ? তেন্তে অনুসৰণ কৰক এই টিপছ - Summer Makeup Tips

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 2:58 PM IST

Summer Makeup Tips: গ্ৰীষ্মকালত মেকআপ চেট কৰি ৰখাটো এটা প্ৰত্যাহ্বানমূলক কাম হ’ব পাৰে যদিও সেয়া অসম্ভৱ নহয় । সঠিক সামগ্ৰী ব্যৱহাৰ কৰিলে সহজেই ঘণ্টাৰ পিছত ঘণ্টা ধৰি আপোনাৰ মেকআপ চেট কৰি ৰাখিব পাৰিব । ইয়াত উল্লেখ কৰা কিছুমান সহজ টিপছৰ সহায়ত আপুনি আপোনাৰ মেকআপ আঁতৰি যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে ।

How to Hold Your Makeup in Scorching Heat Here is What Expert Says
গ্ৰীষ্মকালত মেকআপ নোহোৱা হৈ যায় নেকি ? তেন্তে অনুসৰণ কৰক এই টিপছ

গ্ৰীষ্মকালত ছালৰ লগত জড়িত বহুতো সমস্যাৰ ভিতৰত পিম্পল, ফ্ৰেকল আৰু টেনিং আদি ৷ ইয়াৰ লগতে গৰমৰ দিনত যুৱতী-মহিলাসকল আন এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, সেয়া হ’ল মেকআপ আঁতৰি যোৱা ৷ বিশেষকৈ প্ৰখৰ ৰ’দত দুপৰীয়া মেকআপ কৰি ওলাই গ’লে এই সমস্যাই দেখা দিয়ে ৷ ইয়াৰ বাবে আপোনাৰ চেহেৰাটো সোনকালে নষ্ট হৈ যায় আৰু আপুনি লাজৰ সন্মুখীন হ’বলগীয়া হয় ৷

গ্ৰীষ্মকালত ঘাম ওলোৱাটো স্বাভাৱিক, যাৰ বাবে মুখত দাগ ওলাবলৈ আৰম্ভ কৰে ৷ এইটো সঁচা যে আপুনি আপোনাৰ শৰীৰৰ ঘাম বন্ধ কৰিব নোৱাৰে কিন্তু আপুনি নিশ্চিতভাৱে আপোনাৰ মেকআপ নষ্ট হোৱাৰ পৰা নিশ্চয়কৈ ৰক্ষা কৰিব পাৰে ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক কিছুমান টিপছ আগবঢ়াইছো যাৰ দ্বাৰা আপুনি গ্ৰীষ্মকালতো নিখুঁত মেকআপ লুক পাব পাৰে ৷

১) সঠিক প্ৰাইমাৰৰ ব্যৱহাৰ

যদি আপুনি আপোনাৰ মেকআপ দীৰ্ঘদিনলৈ টিকি থকাটো বিচাৰে তেন্তে সঠিক প্ৰাইমাৰ লগোৱাটো অতি প্ৰয়োজনীয় ৷ আচলতে প্ৰাইমাৰে ছালৰ অতিৰিক্ত তেলৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে ৷ এই বতৰত তেলীয়া ছালৰ বাবে প্ৰাইমাৰ লগাব লাগিব ৷

২) ছালখন মইশ্ব’ৰাইজ কৰাটো গুৰুত্বপূৰ্ণ

বেছিভাগ মানুহেই গ্ৰীষ্মকালত ছালখন মইশ্ব’ৰাইজ নকৰে ৷ আচলতে অত্যধিক ঘাম ওলোৱাৰ বাবে বহু মহিলাই মইশ্ব’ৰাইজাৰ লগাই পোনে পোনে মেকআপ লগাই ভাল নাপায় ৷ এনে পৰিস্থিতিত মুখত ঘাম ওলাবলৈ আৰম্ভ কৰে আৰু সমগ্ৰ মেকআপ নষ্ট হৈ যায় ৷ গতিকে মেকআপ লগোৱাৰ সময়ত ছালত লাইট মইশ্ব’ৰাইজাৰ লগাবলৈ নাপাহৰিব ৷

৩) লঘু ওজনৰ ফাউণ্ডেচন ব্যৱহাৰ কৰিব লাগে

গ্ৰীষ্মকালত লঘু ওজনৰ ফাউণ্ডেচন লগালে ভাল ৷ এই ঋতুত গধুৰ ফাউণ্ডেচন লগালে ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যাব পাৰে যাৰ বাবে অত্যধিক ঘাম ওলায় আৰু মেকআপ নষ্ট হ’ব পাৰে ৷

৪)পাউদাৰেৰে মেকআপ ছেট কৰিবলৈ নাপাহৰিব

গ্ৰীষ্মকালত মেকআপ শুকান কৰি ৰাখিবলৈ পাউদাৰেৰে চেট কৰাটো প্ৰয়োজনীয় ৷ ফাউণ্ডেচন আৰু কনচিলাৰ ছেট কৰিবলৈ Translucent পাউদাৰ ব্যৱহাৰ কৰক ৷

৫) গৰমৰ দিনত ৱাটাৰপ্ৰুফ মেকআপ প্ৰয়োগ কৰিব লাগে

ঘামৰ সমস্যা গ্ৰীষ্মকালত বেছি হয়, সেয়েহে এই সময়ত পানী নোসোমাব পৰা মেকআপ কৰাটো বাঞ্ছনীয় ৷ ৱাটাৰপ্ৰুফ মেকআপে গ্ৰীষ্মকালত মেকআপ আঁতৰি যোৱাত বাধা দিব পাৰে ৷

লগতে পঢ়ক

কেতিয়াবা ভাবি চাইছেনে কিছুমান মহিলাৰ ক্ষেত্ৰত কিয় অধিক হয় দাড়ি ? - Facial Hair In Women
এবাৰ IVF বিফল হ'লে পুনৰ কেতিয়া কৰিব পাৰে ? - IVF

চেনিতকৈ কৃত্ৰিম মিঠা আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নেকি ? জানো আহক - Artificial Sweetener

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.