ETV Bharat / state

ডাকঘৰৰ পকী ছাদ খহি পৰাত হাহাকাৰ পৰিস্থিতি গ্ৰাহকৰ মাজত - Amguri post office collapses

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 12:48 PM IST

Amguri post office : খহি পৰিল আমগুৰি ডাকঘৰৰ ছাদ ৷ কথমপি ৰক্ষা বহু গ্ৰাহকৰ জীৱন ৷ শীঘ্ৰে মেৰামতিৰ দাবী সচেতন গ্ৰাহক তথা স্থানীয় লোকৰ ৷

roof of amguri post office collapses due to dilapidated condition
ডাকঘৰৰ পকী ছাদ খহি পৰাত হাহাকাৰ পৰিস্থিতি গ্ৰাহকৰ মাজত

আমগুৰি, 30 এপ্ৰিল : ডাকঘৰৰ পকী ছাদ খহি পৰাত হাহাকাৰ পৰিস্থিতি গ্ৰাহকৰ মাজত ৷ শিৱসাগৰ জিলাৰ আমগুৰিস্থিত প্ৰধান ডাকঘৰত সংঘটিত হৈছে এই ঘটনা ৷ ডাকঘৰটোৰ পকী ছাদৰ এটা অংশ খহি পৰাত উক্ত সময়ত ডাকঘৰটোত উপস্থিত থকা বহুকেইজন গ্ৰাহকৰ কথমপি জীৱন ৰক্ষা পৰে ৷

জানিব পৰা মতে, আমগুৰিৰ মূল ডাকঘৰটোত গ্ৰাহকৰ ভিৰ থকা অৱস্থাতে অৰ্থাৎ কাম-কাজ চলি থকা অৱস্থাতে পকী ছাদৰ এটা অংশ খহি পৰাৰ ফলত ডাকঘৰটোৰ ভিতৰভাগত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় । এই ঘটনাৰ পাচতে ডাকঘৰটোত থকা সচেতন গ্ৰাহকে আমগুৰি ডাকঘৰৰ দুৰৱস্থাৰ বিষয়ে মুখ্য কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, আমগুৰিস্থিত প্ৰধান ডাকঘৰটোৰ পকী ছাদৰ বিভিন্ন অংশ জহি-খহি যোৱাৰ লগতে চিমেণ্টৰ বীম পৰ্যন্ত জৰাজীৰ্ণ অৱস্থাত আছে । ডাকঘৰটোত গ্ৰাহকৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ মজুত আছে ৷ কিন্তু সাধাৰণ এজাক বৰষুণৰ ফলতেই ডাকঘৰটোৰ ভিতৰত পানী পৰাত কৰ্মচাৰীসকল দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি জানিব পৰা গৈছে ।

যিকোনো মুহূৰ্ততে খহি পৰাৰ পূৰ্ণ আশংকা প্ৰকাশ কৰিছে সচেতন গ্ৰাহকসকলে ৷ যদি সেয়াই হয় তেন্তে ডাকঘৰটোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰবোৰ নষ্ট হ'লে পৰৱৰ্তী সময়ত গ্ৰাহকসকল ভীষণ অসুবিধাৰ সন্মুখীন হ'ব ।

উল্লেখ কৰা প্ৰয়োজন যে, আমগুৰি ডাকঘৰৰ পকী দেৱালৰ বিভিন্ন অংশ ফাট মেলাৰ লগতে খিৰিকিবোৰও ভাঙি গৈছে । ডাকঘৰটোত খোৱাপানীৰ সমস্যা থকাৰ লগতে শৌচালয়ৰ অব্যৱস্থাৰ বাবেও কৰ্মচাৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি জানিব দিয়ে ।

যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকা ডাকঘৰটো শীঘ্ৰে মেৰামতি কৰি দিবলৈ দাবী জনাইছে গ্ৰাহক তথা সচেতন লোকে ।

লগতে পঢ়ক: দিখৌ-ব্ৰক্ষ্মপুত্ৰ-দৰিকাৰ সংগমস্থলীত এজাক দুৰ্ভগীয়া শিক্ষাৰ্থী - Demand To Construct A Bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.