যোগীৰ ৰাজ্যত ২ দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা: গছত ওলোমাই থ’লে মৃতদেহ

author img

By

Published : Sep 15, 2022, 12:37 PM IST

Lakhimpur kheri

লখিমপুৰৰ খেৰী জিলাৰ নিঘাচন অঞ্চলৰ এখন গাঁৱত দুই ভগ্নীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে । প্ৰায় ১৪ আৰু ১৭ বছৰ বয়সৰ দলিত ভগ্নী দুগৰাকীৰ মৃতদেহ তেনেদৰে গছত ওলমি থকা অৱস্থাত পোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা (Two Dalit sisters body found hanging in Kheri)।

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : পুনৰ শিৰোনামলৈ আহিছে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী (Lakhimpur Kheri in UP in limlight) । আৰক্ষী সূত্ৰ মতে, লখিমপুৰৰ খেৰী জিলাৰ নিঘাচন অঞ্চলৰ এখন গাঁৱত দুই ভগ্নীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে । প্ৰায় ১৪ আৰু ১৭ বছৰ বয়সৰ দলিত ভগ্নী দুগৰাকীৰ মৃতদেহ তেনেদৰে গছত ওলমি থকা অৱস্থাত পোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা (two Dalit sisters body found hanging in Kheri)।

দুয়ো ভগ্নীক বুধবাৰে সন্ধিয়া মৃত অৱস্থাত পোৱা যায় (sisters allegedly hanging in UP Lakhimpur Kheri) । আনহাতে, ছোৱালীদুজনীৰ মাতৃয়ে জনোৱা মতে, বুধবাৰে আবেলি প্ৰায় ৩ বজাত মটৰচাইকেলত অহা তিনিজন লোকে তেওঁৰ ছোৱালী দুজনীক বলপূৰ্বক উঠাই লৈ যায় । পিছত এখন কুঁহিয়াৰতলিত গছত ওলমি থকা অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয় । কিশোৰী দুগৰাকীৰ পৰিয়ালৰ অভিযোগ, তেওঁলোকক ধৰ্ষণ কৰি হত্যা কৰা হৈছে (allegedly raped and murdered in UP Lakhimpur Kheri) ।

আনহাতে, স্থানীয় লোকসকলে মৃতদেহ দুটা প্ৰত্যক্ষ কৰাৰ পিছত জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বৃহৎ সংখ্যক লোক ঘটনাস্থলীত একত্ৰিত হয় । যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যাপক আৰক্ষী অঞ্চলটোত নিয়োজিত কৰিবলৈ বাধ্য হয় প্ৰশাসন । মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ।

"জিলাখনৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে স্থানডোখৰ পৰীক্ষা কৰি আছে । তথ্য লাভৰ পিছতে নিঘাচন আৰক্ষী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু নিয়ম অনুসৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা লোৱা হৈছে । গোচৰটোৰ তদন্তৰ ওপৰত ভিত্তি কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" স্থানীয় আৰক্ষীয়ে এক বিবৃতিত এনেদৰে কয় । আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনেও ঘটনাটোৰ বুজ ল'বলৈ নিঘাচনলৈ ৰাওনা হয় ।

আনহাতে, আৰক্ষীয়ে জনোৱা মতে, কিশোৰী দুগৰাকীৰ পৰিয়ালে তেওঁলোকৰ মৃতদেহ উদ্ধা হোৱালৈকে কোনো অভিযোগ দাখিল কৰা নাছিল । "মৃত্যুৰ কাৰণ জানিবলৈ আমি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ । অৱশ্যে এতিয়ালৈকে আমি আত্মহত্যাৰ সম্ভাৱনা নুই কৰিব নোৱাৰোঁ । কিয়নো তেওঁলোকৰ শৰীৰত কোনো শাৰীৰিক আঘাত নাছিল ।" আৰক্ষী অধীক্ষকে কয় ।

লক্ষ্ণৌ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক লক্ষ্মী সিঙে কয়, "কিশোৰী দুগৰাকীক তেওঁলোকৰ নিজৰ দুপাট্টাবোৰে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । তেওঁলোকৰ শৰীৰত কোনো স্পষ্ট আঘাত নাছিল ।" তেওঁ লগতে কয় যে, মৰণোত্তৰ পৰীক্ষা বিশেষজ্ঞৰ এটা পেনেলৰ দ্বাৰা সম্পন্ন কৰা হ'ব । "পৰিয়ালটোৱে তেওঁলোকৰ অভিযোগত আমাক যি কয় তাৰ ওপৰত ভিত্তি কৰি আমি এখন এজাহাৰ দাখিল কৰিম ।" তেওঁ লগতে কয় ।

ইফালে এই ঘটনাৰ পিছতে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে (Samajwadi Party President Akhilesh Yadav) উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰে । ৰাজ্যখনত মহিলাৰ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণৰ লক্ষ্য কৰি লয় অখিলেশে । "যোগী চৰকাৰৰ দিনত দুৰ্বৃত্তবোৰে প্ৰতিদিনে মাতৃ আৰু ভগ্নীসকলক হাৰাশাস্তি কৰি আহিছে, ই অতি লজ্জাজনক (UP CM Yogi Adityanath) । চৰকাৰে বিষয়টো তদন্ত কৰা উচিত, অপৰাধীসকলে কঠোৰতম শাস্তি পোৱা উচিত ।" তেওঁ টুইট কৰে ।

উল্লেখ্য যে, উক্ত ঘটনাটোৱে ২০১৪ চনত বাদাউন ভগ্নীদ্বয়ৰ মৃত্যুৰ কথা মনত পেলাই দিছে । তেওঁলোকো একেই পৰিস্থিতিত মৃত অৱস্থাত পোৱা গৈছিল । যাৰ ফলত গাঁওখনত ব্যাপক প্ৰতিবাদ হৈছিল । যুৱতীদ্বয়ৰ পৰিয়ালে অভিযোগ কৰিছিল যে, তেওঁলোকৰ ছোৱালীক ধৰ্ষণ আৰু হত্যা কৰা হৈছিল । আনহাতে, ২০১৯ চনৰ ৩১ জানুৱাৰীত লখিমপুৰ খেৰীৰ পাচগাৱান অঞ্চলৰ এটা বিদ্যুতৰ খুঁটাৰ পৰা ক্ৰমান্বয়ে ১৪ আৰু ১৫ বছৰীয়া আন দুগৰাকী কিশোৰীৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় । আৰক্ষীয়ে পৰৱৰ্তী সময়ত কয় যে, উক্ত ঘটনাটো আনাৰ কিলিঙৰ ঘটনা ।

লগতে পঢ়ক :ST status for Tribes: আকৌ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.