মধ্যাহ্ন ভোজন গ্ৰহণ কৰি বকোৰ তিনিগৰাকী ছাত্ৰী অসুস্থ

author img

By

Published : Sep 15, 2022, 12:26 PM IST

Students fell ill after having mid day meal food

কামৰূপৰ বকো ছমৰীয়াৰ পুঠিমাৰী শালমাৰা আঞ্চলিক অনুসূচীত মধ্য ইংৰাজী বিদ্যালয়ত মধ্যাহ্ন ভোজনত বিষক্ৰিয়াজনিত (Mid day meal in Boko) ৷ গুৰুতৰভাৱে অসুস্থ 41 গৰাকীকৈ শিক্ষাৰ্থী ৷ তেওঁলোকৰ তিনিগৰাকীক সংকটজনক অৱস্থাত ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ পৰা বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ ৷

বকো, 15 ছেপ্টেম্বৰ: কামৰূপৰ বকো ছমৰীয়াৰ এখন বিদ্যালয়ত সংঘটিত হৈছে মধ্যাহ্ন ভোজন খাদ্যত বিষক্ৰিয়াজনিত ঘটনা (Food poisoning in Boko) । মধ্যাহ্ন ভোজনৰ আহাৰ গ্ৰহণ কৰি অসুস্থ হৈ পৰে বিদ্যালয়খনৰ প্ৰায় ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী (Mid Day Lunch in Assam) । বকো ছমৰীয়াৰ পুঠিমাৰী শালমাৰা আঞ্চলিক অনুসূচীত মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই বিষক্ৰিয়াজনিত ঘটনা (Food poisoning at a school in Kamrup) । বুধবাৰে দুপৰীয়া বিদ্যালয়ত কণী, দাইল, ভাত খাই অসুস্থ হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৷

মধ্যাহ্ন ভোজন কৰি বকোৰ তিনিগৰাকী ছাত্ৰী অসুস্থ

তেওঁলোকক লগে লগে ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে তিনিগৰাকী ছাত্ৰীৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰে । তেওঁলোকক ততাতৈয়াকৈ ছমৰীয়া স্বাস্থ্যকেন্দ্ৰৰ পৰা বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । ছাত্ৰীকেইগৰাকী ক্ৰমে বৰ্ষা শীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীল বুলি জানিব পৰা হৈছে । নিশা তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰা হয় ৷

এই ঘটনাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অভিভাৱক তথা স্থানীয় লোক ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে তেওঁলোকে ৷ মধ্যাহ্ন ভোজনৰ এই বিষক্ৰিয়াজনিত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অভিভাৱকসকলে । তেওঁলোকে এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে ৷

লগতে পঢ়ক: মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.