অসম

assam

হাজিৰা কৰি ল’ৰাটোৱে বনাইছিল ঘৰখন, কিন্তু এতিয়া নাই: বন্যাৰ্তৰ বিননি

By

Published : Jun 23, 2022, 10:50 PM IST

চকুৰ সন্মুখতে বাঢ়নী পানীৰ বুকুত জাহ গ’ল নতুনকৈ নিৰ্মাণ কৰা পকী ঘৰ ৷ এটা বা দুটা নহয়, বলিয়া বানত জাহ গ’ল ক্ৰমে 8 টাকৈ পৰিয়ালৰ আপোন ঘৰখন (Many houses swept away in flood at Gobindapur in Barpeta) ৷ ইমানৰ পাচতো কাণষাৰ নাই সাংসদ আব্দুল খালেক, বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটা জিলা প্ৰশাসনৰ ৷ এই ক্ষোভ গোবিন্দপুৰবাসীৰ ৷

Many houses swept away in flood at Gobindapur in Barpeta
বছৰৰ দ্বিতীয়টো বানে কাল হৈ আহিছে ৰাজ্যলৈ

জনিয়া, 23 জুন :হিয়া ঢাকুৰি কান্দিছে কেবাটাও পৰিয়ালে ৷ কান্দি কান্দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ সহায় মাগিছে পৰিয়ালকেইটাই ৷ ‘‘আমাক সহায় কৰক, ক’লৈ যাম আমি ? কোনে চাব আমাক ? হাজিৰা কৰি ল’ৰাটোৱে বনোৱা আপোন ঘৰখন লৈ গ’ল নৈৰ সোঁতে’’ ৷

বছৰৰ দ্বিতীয়টো বানে কাল হৈ আহিছে ৰাজ্যলৈ (Flood in Assam 2022) ৷ বছৰৰ দ্বিতীয়টো বানে এফালৰ পৰা সকলো ধ্বংস কৰি লৈ গৈছে ৷ বাদ পৰি ৰোৱা নাই বৰপেটা জিলাৰ ভিন্ন ক্ষেত্ৰও (Flood in Barpeta) ৷ বৰপেটা জিলাৰ জনিয়া সমষ্টি তথা মন্দিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰৰ কিছু হৃদয় বিদাৰক দৃশ্যই সকলোৰে মনত তুলিছে শোকৰ জোৱাৰ ।

বন্যাৰ্তৰ বিননি

বিগত শনিবাৰৰ পৰা সৃষ্টি হোৱা বানৰ বিভীষিকাত গোবিন্দপুৰৰ আঠটাকৈ পৰিয়ালৰ বাসগৃহ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৷

লগতে পঢ়ক :ধুবুৰীত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনৰ

আনকি চকুৰ সন্মুখতে বাঢ়নী পানীত হুৰা-হুৰে উটি যায় পকী ঘৰো ৷ ফলত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালকেইটা (Many houses swept away in flood at Gobindapur in Barpeta) ৷ বিগত প্ৰায় পাঁচটা দিনে ভুক্তভোগী দাৰোগ আলী, দৰবেছ আলী, বিলাত আলী, উজীৰ আলী বেপাৰী, ববিদুল ইছলাম, তাৰা মিয়া, কাশেম আলী আৰু ৱাজেদুৰ ৰহমানৰ পৰিয়ালকেইটাই অনাহাৰে-অনিদ্ৰাৰে সময় অতিবাহিত কৰিব লগাত পৰিছে ৷

বছৰৰ দ্বিতীয়টো বানে কাল হৈ আহিছে ৰাজ্যলৈ

ইফালে ভুক্তভোগী পৰিয়ালকেইটাই উল্লেখ কৰা অনুসৰি, গোবিন্দপুৰত বানে তাণ্ডৱ চলোৱাৰ পাচতো ভুক্তভোগী পৰিয়ালকেইটাৰ খবৰ ল’বলৈ বৰ্তমানেও সেই স্থানত উপস্থিত হোৱা নাই বৰপেটাৰ সাংসদ আব্দুল খালেক, জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ লগতে বৰপেটা জিলা প্ৰশাসনে কোনো এজনো সদস্য ৷

সেয়ে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালকেইটাৰ লগতে স্থানীয় ৰাইজে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সহায় বিচাৰিছে ৷ অৱশ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :Flood in Darang : দৰঙৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details