ETV Bharat / city

বানত পুনৰ 7 জনৰ মৃত্যু : এতিয়াও প্লাৱিত 5577 খন গাঁও

author img

By

Published : Jun 22, 2022, 10:35 AM IST

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Flood in Assam)৷ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 80 জনলৈ বৃদ্ধি(Total death toll in Assam Flood) ৷ এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ জলস্তৰ ৷ বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ বাবে হাহাকাৰ বন্যাৰ্তৰ ৷

Assam Flood 2022
এতিয়াও প্লাৱিত হৈ আছে 5,577খন গাঁও

নিউজ ডেস্ক, 22 জুন : অসমত এতিয়াও জটিল হৈ আছে বান পৰিস্থিতি(Assam Flood 2022 Update) । মঙলবাৰে পুনৰ ৰাজ্যত বানত পুনৰ 7 জন লোকৰ মৃত্যু হয় ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বিধ্বংসী বানত ৰাজ্যৰ 32 খন জিলা আৰু 121 টা ৰাজহ চক্ৰৰ অধীনৰ মুঠ 5,577খন গাঁও বানত প্ৰভাৱিত হৈছে (32 Districts affected in flood) । তদুপৰি ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷

Assam Flood 2022
এতিয়াও প্লাৱিত হৈ আছে 5,577খন গাঁও

তদুপৰি বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে (Number of affected persons in flood increases) । ৰাজ্যখনৰ প্ৰায় 55,42,053 জন লোক প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । বানত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 80 জন হৈছেগৈ । বানৰ ফলত মুঠ 36,60,173 জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু 59,654 টা জীৱ-জন্তু উটি গৈছে ।

ভয়াৱহ বানত মহিলাকে ধৰি শিশুসকল যথেষ্ট কষ্টৰ সন্মুখীন হৈছে । বিশুদ্ধ খোৱাপানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই । তথ্য মতে, ৰাজ্যত বানত এতিয়ালৈকে 1,08,306 হেক্টৰ কৃষিভূমি নষ্ট হৈছে । এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

Assam Flood 2022
এতিয়াও প্লাৱিত হৈ আছে 5,577খন গাঁও

বাঢ়নী পানীয়ে ইতিমধ্যে কেইবাটাও মথাউৰি আৰু পথ খহাই নিয়াৰ লগতে দলং আৰু কালভার্ট উটুৱাই লৈ গৈছে । হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহৰ লগতে বিদ্যালয়, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্বাস্থ্যকেন্দ্ৰ, মন্দিৰ, নামঘৰ আদি বানত বুৰ গৈছে । বিভিন্ন স্থানত যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হৈ পৰিছে ।

এফালে বাঢ়নী পানী, আনফালে কৃত্ৰিম বান আৰু ভূমিস্খলনে জীৱন আৰু সম্পত্তিৰ বিনাশ মাতি আনিছে । অবিৰতভাৱে হৈ থকা বৰষুণৰ ফলত ৰাজধানী চহৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে । ইপিনে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি ছিগাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে ।

লগতে পঢ়ক : Assam Flood 2022: দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.