ETV Bharat / state

ধুবুৰীত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনৰ

author img

By

Published : Jun 23, 2022, 9:41 PM IST

বৃহস্পতিবাৰে ধুবুৰীত বন্যাৰ্তৰ কাষত উপস্থিত হয় গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচন নামৰ এটি বেচৰকাৰী সংস্থাৰ সদস্য (Flood relief distribution by NGO in Dhubri) । বান পৰিস্থিতি বুজ লোৱাৰ লগতে বেচৰকাৰী সংস্থাৰ সদস্যসকলে বিতৰণ কৰে বান সাহাৰ্যও ৷

ধুবুৰীত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনৰ
ধুবুৰীত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনৰ

ধুবুৰী, 23 জুন : কিছুদিন পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে ধাৰণ কৰিছিল এক ভয়াবহ ৰূপ (Flood in Assam 2022) ৷ বৰ্তমান বৰষুণৰ মাত্ৰ হ্ৰাস পালেও অৱনমিত হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ ৰাজ্যৰ বহু অঞ্চল এতিয়াও বুৰ গৈ আছে পানীৰ তলত ৷

ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লেখিয়াকৈ ধুবুৰীৰ বিভিন্ন অঞ্চলত এতিয়াও জলবন্দী হৈ আছে বহু পৰিয়াল (Floon in Dhubri) । বান শিবিৰত প্ৰশাসনৰ ফালৰ পৰা বান সাহাৰ্য বিতৰণ কৰা হয় ৷ লগতে পানীৰ মাজত আবদ্ধ হৈ থকা বহু পৰিয়ালৰ মাজতো চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা বিতৰণ কৰা হয় বান সাহাৰ্য ৷ কিন্তু সেয়া পৰ্যপ্ত নহয় ।

ধুবুৰীত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনৰ

জিলাখনৰ কিছু পৰিয়াল বানৰ কবলত পৰি এতিয়াও অনাহাৰে, অনিদ্ৰাত দিন-ৰাতি পাৰ কৰিব লগাত পৰিছে । সেইসকল অসহায় বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্যে কাষ চাপিছে ধুবুৰীৰ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচন (Galaxy Social Welfare Organisation) নামৰ এটি বেচৰকাৰী সংস্থা । বিগত দিন কেইটাতো এই সংস্থাটোৱে বিভিন্ন খাদ্য সামগ্ৰী বানাক্ৰান্তৰ মাজত বিতৰণ কৰি আহিছে ৷

Mariwala Health Foundation in Dhubri
ধুবুৰীত বন্যাৰ্তৰ মাজত সাহাৰ্য বিতৰণ গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনৰ

বৃহস্পতিবাৰে ধুবুৰীৰ ফলিমাৰি গাঁও পঞ্চায়তৰ কুন্তীৰ চৰৰ লগতে ওচৰে পাজৰে থকা বিভিন্ন চৰাঞ্চলত বানাক্ৰান্তৰ কাষলৈ গৈ সংস্থাটোৰ সদস্যসকলে বান পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও জলবন্দী কেবাটাও পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী (Flood relief distribution by NGO in Dhubri) ৷ অৱশ্যে এই ক্ষেত্ৰত বেচৰকাৰী গ্লাক্সি ছ’চিয়েল ওৱেলফেৱাৰ অৰ্গেনাইজেচনক সহযোগিতা কৰে ধুবুৰীৰ মাৰিৱালা হেলথ্ ফাউণ্ডেচনে (Mariwala Health Foundation in Dhubri) ।

লগতে পঢ়ক : আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক আমছুৰ সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.