ETV Bharat / state

এ পি এছ চি উত্তীৰ্ণ হৈ পলাল পত্নী, স্বামীয়ে দিলে এজাহাৰ - Extra marital affair in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:03 PM IST

Wife leaves husband after passing APSC: হৈছিল প্ৰেম বিবাহ ৷ কিন্তু এতিয়া উত্তীৰ্ণ হ’ল লোকসেৱা আয়োগৰ পৰীক্ষাত ৷ সেয়ে স্বামীক এৰি ধন-সোণ লৈ পলাই গ’ল পত্নী ৷

Wife leaves husband after passing APSC
এ পি এছ চি উত্তীৰ্ণ হৈ পলাল পত্নী (ETV Bharat Assam)

গুৱাহাটী, ২৩ মে’ : এটা ভাল চাকৰি পোৱাৰ বাবেই ত্যাগ কৰিলে স্বামীক । এ পি এছ চি উত্তীৰ্ণ হৈ প্ৰৱঞ্চনা কৰিলে স্বামীক । ঘটনাটো গুৱাহাটী মহানগৰীৰ । পত্নীৰ পলায়নক লৈ চান্দমাৰী থানাত এজাহাৰ দাখিল কৰিলে স্বামীয়ে ।

শেহতীয়াকৈ ঘোষিত এ পি এছ চিৰ চূড়ান্ত ফলাফলত পত্নীগৰাকীয়ে লাভ কৰিছিল সহকাৰী অডিট অফিচাৰৰ পদ । এই পদৰ চাৰ্ভিছ ট্ৰেইনিঙৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল তেওঁ । কিন্তু ঘূৰি নাহিল ঘৰলৈ ৷ স্বামীৰ মতে তেওঁৰ পত্নীয়ে পলায়ন কৰিছে ৷ যাৰ বাবে তেওঁ চানমাৰি থানাত এজাহাৰ দাখিল কৰে ।

স্বামীগৰাকীয়ে অভিযোগ কৰা মতে পত্নীয়ে নগদ দুই লাখ টকাসহ ৩.৫০ লাখ টকাৰ সোণ লৈ পলায়ন কৰিছে ৷ তদুপৰি লগত লৈ গৈছে এটা আইফোন, আইপেড, লেপটপ, পাটৰ কাপোৰৰ উপৰি আন এটা মূল্যৱান মোবাইল হেণ্ডছেট ৷

স্বামীগৰাকীয়ে জনোৱা মতে ২০১২ বৰ্ষৰ ২৪ আগষ্টত ধৰ্মীয় ৰীতি-নীতিৰে তেওঁলোকৰ বিবাহ হৈছিল । স্বামীগৰাকীৰ ঘৰ লখিমপুৰত । গুৱাহাটীৰ চান্দমাৰীত তেওঁলোক আছিল । তেওঁ জনোৱা মতে ২০১১-১২ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত প্ৰথমবাৰৰ বাবে লগ হৈছিল দুয়ো । তাৰে পৰাই প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । ইয়াৰ পিছত তেওঁলোক বিবাহপাশত আৱদ্ধ হয় ।

পত্নীৰ অধ্যয়নৰ সমস্ত দায়িত্ব তেওঁ বহন কৰি আহিছিল । এ পি এছ চিৰ ক'চিঙৰ নামতো তেওঁ লক্ষাধিক টকা ব্যয় কৰিছিল । স্বামীগৰাকীৰ মতে তেওঁৰ পত্নী চান্দমাৰীৰ এক আগশাৰীৰ ক'চিং প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল আৰু তেওঁৰ পৰিচয় গোপনে ৰাখিছিল পত্নীয়ে । ইয়াকে লৈ কিবা ক'লেই পত্নীয়ে আত্মহত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ কৰে স্বামীয়ে ।

পত্নীৰ পলায়ন সন্দৰ্ভত চান্দমাৰী থানাত গোচৰ ৰুজু কৰি স্বামীগৰাকীয়ে কয়, ‘‘মই বুৰ্বক আছিলো, মই ভুলটো কৰিলো । কিন্তু কোনেও যাতে এনে ভুল নকৰে ।’’ ইফালে ঘটনা সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: গোগামুখত স্বামী-পুত্ৰক এৰি মহিলা পলাল পৰপুৰুষলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.