ETV Bharat / state

Flood in Darang : দৰঙৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Jun 23, 2022, 8:30 PM IST

বৃহস্পতিবাৰে দৰঙৰ বান বিধ্বস্ত কেবাটাও অঞ্চল পৰিদৰ্শন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika visited flood affected areas of Darang district) ৷ পৰিদৰ্শনৰ সময়তে বন্যাৰ্তসকলক পাৰ্যমানে সহায় কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ৷

Flood in Darang
দৰঙৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

দৰং, 23 জুন : অবৰ্ণনীয় ৰাজ্যৰ বান পৰিস্থিতি (Floon in Assam 2022)৷ এতিয়াও বানৰ কবলত ৰাজ্যৰ বহুকেইখন জিলা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ দৰং জিলাৰ কেবাটাও অঞ্চল বুৰ গৈছে বানত (Flood in Darang) ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই দৰঙৰ বান বিধ্বস্ত কেবাটাও অঞ্চল পৰিদৰ্শন কৰে (Pijush Hazarika visited flood affected areas of Darang district) ৷ লগতে ৰঙামাটী, বৰথেকেৰাবাৰী, ধনখুণ্ডা, নগাঁও আদিৰ বন্যাৰ্তসকলৰ ঘৰসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । বিশেষকৈ শাকতোলা নদীৰ ভঙা মঠাউৰিৰে সোমোৱা পানীয়ে ক্ষতিগ্ৰস্ত কৰা লোকসকলক পাৰ্যমানে সহায় কৰিবলৈ জিলা উপায়ুক্তগৰাকীক কঠোৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ৷

Flood in Darang : দৰঙৰ বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

আনকি দৰঙৰ বানবিধ্বস্ত অঞ্চলকেইটাত আবদ্ধ হৈ থকা পানীখিনি উলায়াই নিয়াৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উল্লেখ্য যে, দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে ।

লগতে পঢ়ক : ৰঙিয়াৰ বানাক্ৰান্তৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.