আকাশ মাৰ্গেৰে কাছাৰৰ বান পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

By

Published : Jun 23, 2022, 3:37 PM IST

thumbnail

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ কি ব্ৰহ্মপুত্ৰ উপকত্যকা, কি বৰাক উপত্যকা - সকলো এতিয়া পানীৰ তলত ৷ নিতৌ ৰাজ্যৰ ন ন অঞ্চল বুৰ গৈছে পানীৰ তলত ৷ ব্ৰহ্মপুত্ৰ উপকত্যকাৰ লেখিয়াকৈ বৰাক উপত্যকাৰো ভিন্ন অঞ্চল এতিয়া পানীৰ তলত (Flood in Barak Valley) ৷ ভাৰতীয় বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰ ( Special Helicopter of Indian Air Force) জৰিয়তে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলাৰ ভিন্ন অঞ্চল আকাশ মাৰ্গেৰে পৰিভ্ৰমণ কৰে (Assam CM visited flood affected areas of Cachar district) ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয় বান পৰিস্থিতি ৷ তাৰোপৰি জিলাখনৰ বান বিধস্ত অঞ্চলসমূহত খোৱাপানী আৰু কিছু অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.