ETV Bharat / state

এইবাৰ মাংসই জুই জ্বলাইছে ৰাজ্যত : মাছ-মাংস খোৱাৰ পূৰ্বে দহবাৰ ভাবক ! - Meat Price Hike in Assam

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:17 PM IST

Updated : May 23, 2024, 10:50 PM IST

Pork and Chicken Price in Assam: আপুনি বাৰু আমিষ ভোজন ভাল পায় নেকি ? তেন্তে খাদ্যৰ অৰ্ডাৰ কৰাৰ আগতে মাছ বা মাংসৰ দাম জানি লওক ৷ বজাৰত মাছ-মাংসৰ জুই-ছাই দাম ৷ দিনক দিনে বৃদ্ধি পাইছে মাছ, কুকুৰা, কণী ইত্যাদি আমিষ খাদ্যৰ দাম । জানো আহক ক’ত কিমান দাম ?

Pork and Chicken Price in Assam
মাংসৰ বজাৰত লাগিছে জুই (Etv Bharat Assam)

তেজপুৰ, ২৩ মে' : মাছ আৰু মাংসৰ দামবৃদ্ধিত পৰিয়ালৰ সৈতে জুতি লগাই আমিষ এসাজ খোৱাৰ কথা ভাবি থকাসকলৰ বাবে এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে । সাধাৰণ লোকে মাছ বা মাংস কিনিবলৈ গ’লে বজাৰত কিছু সময় থমকিবলগীয়া হৈছে ৷

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ব্ৰইলাৰ মুৰ্গীৰ দাম প্ৰতিকিলো কটা মাংসত ২৮০ টকা, আৰু গোটা মাংসৰ প্ৰতি কিলোগ্ৰামত ১৭০ পৰা ১৮০ টকা ৷ আনহাতে গাহৰিৰ প্ৰতি কেজিত দাম হৈছেগৈ ৪৪০ টকা ৷

Pork and Chicken Price in Assam
ক’ত কিমান দাম ? (ETV Bharat Assam)

অসমৰ ভিন্ন প্ৰান্তত এতিয়া ব্ৰইলাৰ মুৰ্গী আৰু গাহৰি মাংসৰ দাম:

বজাৰত উপলব্ধ ব্ৰইলাৰ মাংস প্ৰতি কিলোত ৩০০-৩৪০ টকা পৰ্যন্ত৷ কটা আৰু গোটা ব্ৰইলাৰ মুৰ্গীৰ দাম ক্ৰমে ১৮০ টকা আৰু ২০০ টকা ৷ কণী প্ৰতি প্লেটত ১৯০ৰ পৰা ২০০ টকা পৰ্যন্ত ৷ গাহৰি ৪০০ টকা, মাছ প্ৰতি কেজি ৩৫০-৪০০ টকা ৷ এয়া হৈছে তেজপুৰ চহৰৰ বজাৰৰ মূল্য । গতিকে এতিয়া মাছ-মাংসৰ দামবৃদ্ধিৰ জুইত খাদ্যৰ কাঁহী শুৱনি কৰাতকৈ মহঙাহে কৰিছে ৷

ৰাজ্যৰ ভিন্নস্থানত ব্ৰইলাৰ মুৰ্গী-গাহৰিৰ দাম:

গুৱাহাটীত ব্ৰইলাৰ মুৰ্গীৰ দাম ২৮০ৰ পৰা ৩৫০ টকা হোৱাৰ লগতে গাহৰি মাংসই চুইছে ৪০০ৰ পৰা ৪৪০ টকাপৰ্যন্ত ৷ আনহাতে তেজপুৰত ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছেগৈ ৩০০ৰ পৰা ৩৪০ টকা পৰ্যন্ত ৷ বিপৰীতে গাহৰি মাংসই স্পৰ্শ কৰিলে ৩৫০ টকাৰ পৰা ৪০০ টকা ৷ আনহাতে বিশ্বনাথত ব্ৰইলাৰ মুৰ্গীৰ দাম ২৮০ৰ পৰা ৩০০টকা হোৱাৰ লগতে গাহৰি মাংসৰ দাম হৈছেগৈ ৩৫০ৰ পৰা ৪০০ টকা ৷

নগাঁৱত ব্ৰইলাৰ মুৰ্গী বিক্ৰী হৈ আছে ২৬০ টকাত ৷ আনহাতে গাহৰি মাংস বিক্ৰী হৈ আছে ৪০০ৰ পৰা ৪৫০ টকাত ৷ আনহাতে ডিব্ৰুগড়ত ব্ৰইলাৰ মুৰ্গীৰ দাম ২৮০ টকা হোৱাৰ লগতে গাহৰি মাংস বিক্ৰী হৈ আছে ৪৪০ টকাত ৷

আনহাতে লখিমপুৰত এতিয়া ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছেগৈ ৩০০ টকা ৷ সমান্তৰালকৈ ৩৫০ৰ পৰা ৪৫০ টকাত বিক্ৰী হৈ আছে গাহৰিৰ মাংস ৷ একেদৰে মঙলদৈত ব্ৰইলাৰ মুৰ্গী বিক্ৰী হৈ আছে ২৮০ৰ পৰা ৩০০ টকাত ৷ গ্ৰাহকে গাহৰি কিনিবলগীয়া হৈছে ৩০০ৰ পৰা ৪০০ টকাৰ বিনিময়ত ৷

ওদালগুৰিতো একেই ৷ ৩০০ৰ পৰা ৩৫০ টকা ভৰিবলগীয়া হৈছে প্ৰতিকিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ বাবদ ৷ আনহাতে গাহৰি কিনিবলগীয়া হৈছে ৪০০ টকাত ৷ গোৱালপাৰাত ব্ৰইলাৰ মুৰ্গীৰ প্ৰতিকিলোগ্ৰামত ৩২০ টকা আৰু গাহৰিৰ দাম ৩৫০ৰ পৰা ৪০০ টকা ৷

বঙাইগাঁৱত প্ৰতিকিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ দাম ৩৫০ টকা হৈছেগৈ ৷ সমান্তৰালকৈ গাহৰিৰ দাম হৈছেগৈ ৩৫০ৰ পৰা ৪০০ টকা ৷ বৰপেটাত এতিয়া ব্ৰইলাৰ মুৰ্গীৰ দাম ২৫০ৰ পৰা ২৬০ টকা ৷ আনহাতে গাহৰিৰ দাম ৩০০ৰ পৰা ৪০০ টকা পৰ্যন্ত ৷ ৰঙিয়াতো একেই ৷ ব্ৰইলাৰ মুৰ্গীৰ বাবদ প্ৰতিকিলোগ্ৰামত ৩০০ৰ পৰা ৩৫০ টকাৰ বিপৰীতে গাহৰিৰ দাম ৩৫০ টকা ৷ ডিফুত প্ৰতিকিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ দাম ৩০০ টকা আৰু গাহৰিৰ দাম ৩০০ৰ পৰা ৩৫০ টকা ৷

ইফালে যোৰহাটত ব্ৰইলাৰ মুৰ্গীৰ দামে চুইছে ২৮০ টকা ৷ বিপৰীতে গাহৰি মাংসই চুইছে ৪৫০ৰ পৰা ৫০০ টকা পৰ্যন্ত ৷

মাংসৰ চাহিদা :

মাছ-মাংসৰ বজাৰত দামবৃদ্ধিৰ ফলত গ্ৰাহকৰ উপৰিও বিক্ৰেতাসকলো সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত মাংসৰ চাহিদা বহুগুণে বেছি ৷ সেই হিচাপত ডিফুত প্ৰতি কেজি ব্ৰয়লাৰ মুৰ্গীৰ দাম কটা ৩০০ টকা আৰু গোটাত ১৬৫ টকা ৷ সমান্তৰালকৈ গাহৰিৰ প্ৰতি কেজিত ৩৫০ টকা দামত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে । অসমৰ সকলো ঠাইতে গাহৰিৰ মাংস দাম প্ৰায় সমানেই দেখা গৈছে ৷ উল্লেখ্য যে বৰ্তমান অসমৰ প্ৰায় সকলো ৰেস্তোৰাঁতে গাহৰি মাংস উপলব্ধ ৷ সেই অনুসৰি গ্ৰাহকো যথেষ্ট আছে গাহৰি মাংসৰ ৷

বজাৰ নিয়ন্ত্ৰণ :

পূৰ্বতে চৰকাৰে বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ যোগান বিভাগৰ জৰিয়তে সকলো জিলাতে এক সুকীয়া নিৰীক্ষকৰ ব্যৱস্থা কৰিছিল । বৰ্তমান যোগান বিভাগে এই সকলোবোৰ খাদ্যৰ তালিকাৰ বিষয়ে কোনোধৰণৰ দায়িত্ব নলয় ৷ কিয়নো এই সামগ্ৰীসমূহ যোগান বিভাগৰ পৰা কৰ্তন কৰা হয় ৷

নিৰ্বাচনৰ প্ৰভাৱ :

দেশত অব্যাহত থকা লোকসভা নিৰ্বাচন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ এটা প্ৰধান কাৰণ বুলি কয় একাংশ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক: গাহৰি মাংসৰ জুতি লোৱাৰ আগত মানিবেগটো চাওক; বজাৰত গাহৰি মাংসৰো বাঢ়িল দাম

Last Updated : May 23, 2024, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.