ETV Bharat / state

লখিমপুৰত আৰক্ষীয়ে পৰিয়ালক গতালে আশ্ৰফ আলীৰ মৃতদেহ - Man dies in police custody

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:22 PM IST

Khelmati Police Outpost: পৰিয়ালক চমজাই দিয়া হ’ল আশ্ৰফ আলীৰ মৃতদেহ ৷ খেলমাটি আৰক্ষী চকীত মৃত্যু হৈছিল যুৱকজনৰ ৷ মৃতদেহ চমজিবলৈ অস্বীকাৰ কৰিছিল পৰিয়ালে ।

Khelmati Police Outpost
আৰক্ষীয়ে পৰিয়ালক গতালে আশ্ৰফ আলীৰ মৃতদেহ (ETV Bharat Assam)

লখিমপুৰ, ২৩ মে’: যোৱানিশা খেলমাটি আৰক্ষী চকীৰ ভিতৰত মৃত্যু হোৱা আশ্ৰফ আলীৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে পৰিয়ালক গতাই দিয়ে । পৰিয়ালৰ লোকে ঘটনাটোৰ ন্যায় বিচাৰ, ক্ষতিপূৰণ আদিৰ লগতে দিনৰ উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনক মুকলি কৰি দিয়াৰ দাবী জনাইছিল । অন্যথা মৃতদেহটো চমজি ল’বলৈ অস্বীকাৰ কৰে ।

যোৱা নিশাই আশ্ৰফ আলীৰ মৃত্যু হোৱাৰ পিছত আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ল যদিও দিনৰ উত্তপ্ত পৰিস্থিতি আৰু মৃতকৰ পৰিয়ালৰ দাবীৰ বাবে সন্ধিয়া পৰ্যন্ত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক গতাব পৰা নাছিল ।

আৰক্ষীয়ে পৰিয়ালক গতালে আশ্ৰফ আলীৰ মৃতদেহ (ETV Bharat Assam)

পৰিস্থিতি স্বাভাৱিক কৰিবৰ বাবে উত্তৰ অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক বিজয় কুলিগামে লখিমপুৰত সংখ্যালঘু ছাত্ৰ সন্থাৰ বিষয়ববীয়া, স্থানীয় লোক আৰু পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হয় । সেই আলোচনা মৰ্মে পৰিয়ালৰ লোক মান্তি হোৱাৰ পিছত সন্ধিয়া প্ৰায় সাত বজাত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক গতাই দিয়ে আৰু ৰাইজে জানাজাৰ ব্যৱস্থা কৰে । ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী মহা পৰিদৰ্শকৰ নিৰ্দেশমৰ্মে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: এজন আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি; পৰিস্থিতি উত্তেজনাপূৰ্ণ

উল্লেখ্য আৰক্ষীৰ জিম্মাত আশ্ৰফ আলীৰ মৃত্যু হোৱাত আজি লখিমপুৰত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয় । ঘটনাৰ প্ৰতিবাদ জনাবলৈ নগৰৰ খেলমাটি আৰক্ষী চকীৰ সন্মুখত সমবেত শ শ লোকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰে আৰু বহু পৰিমাণে সফল হয় । কিন্তু পিছ মুহূৰ্ততে উত্তেজিত জনতাই শিলাবৃষ্টি কৰি ওলোটাই আৰক্ষীকহে ছত্ৰভংগ দিয়ায় ।

শিলাবৰ্ষণৰ পৰা ৰক্ষা পাবলৈ নিৰাপত্তা বাহিনীয়ে আত্মগোপন কৰিবলৈ বাধ্য হয় । কেইমিনিটমান এনে পৰিৱেশ অব্যাহত থকাৰ পিছত আৰক্ষীয়ে প্ৰতি আক্ৰমণ আৰম্ভ কৰে । শূন্যলৈ গুলী চলাই আৰক্ষীয়ে উত্তেজিত লোকসকলক খেদি পঠিয়াবলৈ সক্ষম হয় । পুৱা প্ৰায় ৮ মান বজাৰ পৰা ১২মান বজালৈ এনে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰে নগৰৰ খেলমাটি এলেকাত ।

বিয়লি খেলমাটি আৰক্ষী চকীক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাজুৰি নিৰাপত্তা বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখা হয় । নিশাও এলেকাটোত সশস্ত্ৰ নিৰাপত্তা বাহিনী নিয়োগ কৰি যিকোনো দুষ্কাৰ্য ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: তিনিজনক গ্ৰেপ্তাৰ : খেলমাটিত আহত সংবাদ মাধ্যমৰ লোকসহ কেবাজনো নিৰাপত্তাৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.