ETV Bharat / state

গোৰেশ্বৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ভৱেশ কলিতাৰ

author img

By

Published : Jun 23, 2022, 8:12 PM IST

গোৰেশ্বৰৰ বানপীড়িত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita visits flood affected area)। ভগা মথাউৰি অতিশীঘ্ৰে মেৰামতি কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে ।

tamulpur
গোৰেশ্বৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ভৱেশ কলিতাৰ

তামুলপুৰ,২৩ জুন : ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কৱলত পৰিছে (Flood situation in Assam)। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰো বহু কেইখন গাঁও বানৰ কৱলত পৰিছে (Flood affects Goreswar)। অঞ্চলটোৰ বহু স্থানত এতিয়া বানে ভয়ংকৰ ৰূপ লৈ থকা দেখা গৈছে । পুঠিমাৰী আৰু শুক্লাই নদীয়ে অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

শুক্লাই নদীয়ে মথাউৰি ছিগি নিয়াৰ ফলত দীগ পাৰ গাঁৱৰ মাজেৰে এতিয়াও পানী বাগৰি আছে । এনে পৰিস্থিতিৰ মাজতে নিজ সমষ্টিবাসীৰ কাষত অনবৰতে দেখা গৈছে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক (Bhabesh Kalita at Goreswar)। কি দিন কি ৰাতি সমষ্টিৰ চুকে-কোণে ঘূৰি ফুৰিছে নেতাগৰাকী । বানত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ লৈছে নেতাগৰাকীয়ে ।

গোৰেশ্বৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন ভৱেশ কলিতাৰ

আনহাতে শিবিৰত আশ্ৰয় বানাক্ৰান্তৰ কাষতো থিয় দিছে নেতাগৰাকীয়ে । একেটা অঞ্চল কেইবাবাৰো পৰিদৰ্শন কৰিছে স্থানীয় বিধায়কগৰাকীয়ে । বৃহস্পতিবাৰেও তেওঁ গোৰেশ্বৰৰ মহৰিপাৰাৰ ইণা পুখুৰীপাৰ, দীগপাৰ, নাথ কুছী অঞ্চল পুনৰ পৰিদৰ্শন কৰে । সমান্তৰালকৈ ভগা মথাউৰিও পৰিদৰ্শন কৰে ভৱেশ কলিতাই । ভগা মথাউৰি অতি শীঘ্ৰে মেৰামতি কৰা হ'ব বুলি তেওঁ ৰাইজক আশ্বাস দিয়ে ।

লগতে পঢ়ক :বান শুকালেও নুশুকাই বন্যাৰ্তৰ চকুলো: ৰঙিয়াত বন্যাৰ্তৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.