Road accident in Lakhimpur: লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ-দুৰ্ঘটনা

By

Published : Jul 26, 2023, 2:09 PM IST

thumbnail

লখিমপুৰ, ২৬ জুলাই : বুধবাৰে দুপৰীয়া লখিমপুৰৰ বাইপাছত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । নিৰ্মীয়মান আই এছ বি টিৰ সমীপতে সংঘটিত হয় দুৰ্ঘটনাটো । দুখন গাড়ীৰ মুখামুখি সংঘর্ষৰ ফলত থিতাতে নিহত হয় এগৰাকী যুৱতী । আহত হয় গাড়ীত অহা আন ছজন লোক ।

দুৰ্ঘটনাত পতিত গাড়ী দুখনৰ এখন হ’ল এএছ ২৩ এবি ৩৭০৭ নম্বৰৰ চুজুকী আৰু আনখন এন এল ০১ পি ৮২৮৪ নম্বৰৰ ইন’ভা গাড়ী । দুয়োখন গাড়ীৰ মুখামুখি সংঘর্ষত ইনভাখন পথৰ ওপৰতে লুটি খাই পৰে । আনখন গাড়ীয়ে পথৰ দাঁতিৰ দেৱালত খুন্দিয়াই চুৰমাৰ হৈ পৰে ।

লখিমপুৰৰ বাইপাচত ভয়ংকৰ দুৰ্ঘটনা । ঘটনাৰ পাচতে স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ইতিমধ্যে মৃত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, এই পৰ্যন্ত হতাহতসকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই । সম্প্রতি আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে ।

লগতে পঢ়ক : Road Accident in Barpeta: শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত, দুজন আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.