Road Accident in Barpeta: শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত, দুজন আহত

By

Published : Jul 25, 2023, 5:28 PM IST

thumbnail

বৰপেটা, 25 জুলাই: বৰপেটাৰ বাটগাঁৱত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুর্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ এখন অচিনাক্ত বাহনে খুন্দিয়ালে তিনি মটৰ চাইকেল আৰোহীক ৷ ফলত থিতাতে নিহত এজন যুৱক ৷ নিহত যুৱকজনৰ নাম সুজয় কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷ মৃত সুজয় কৰ্মকাৰৰ ঘৰ সৰ্থেবাৰীৰ কুৰিহাৰ পাম গাঁৱত ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক ৷ আহত দুই যুৱক বামুন্দি গাঁৱৰ প্ৰকাশ মণ্ডল আৰু কুৰিহাৰ পাম গাঁৱৰ বিশ্বজিৎ ৰায় ৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ তিনিজন যুৱকে AS-15-S -9275 নম্বৰৰ পালচাৰ বাইকখনৰে গৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়  ৷ স্থানীয় লোকে সন্দেহ কৰামতে ডাম্পাৰে সংঘটিত কৰিছে এই দুৰ্ঘটনাটো ৷ ঘটনাৰ পিচতে বহৰিস্থ তাৰবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত দুই যুৱকক আৰক্ষীৰ গাড়ীৰে নি বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰাৰ লগতে মৃত যুৱকজনৰ দেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে  ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.