Dispur MLA Hostel Bullet Spot update: বিধায়ক আৱাসৰ ৰহস্যজনক ঘটনা সন্দৰ্ভত ফৰেনচিক দলে কৰিব তদন্ত

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 11:59 AM IST

thumbnail

গুৱাহাটী, 13 নৱেম্বৰ: দিছপুৰৰ বিধায়ক আৱাসত ৰহস্যজনক ঘটনা সন্দৰ্ভত আজি অৰ্থাৎ বুধবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত চলাব ফৰেনচিক বিশেষজ্ঞৰ দলে ৷ দীপাৱলীৰ দিনটোতে মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীৰ দিছপুৰৰ বিধায়ক আৱাসলৈ গুলীওৱাৰ দৰে ৰহস্যজনক ঘটনা সংঘটিত হৈছে ।

দিছপুৰ বিধায়ক আৱাসৰ চি ব্লকৰ প্ৰথম মহলা চিৰিৰ কাষত থকা আইনাত দেখিবলৈ পোৱা গৈছে গুলীৱিদ্ধ ছিদ্ৰ ৷ চি ব্লকৰ প্ৰথম মহলাৰ আইনা‌ গুলীয়ে ভেদ কৰাৰ দৃশ্য দেখাৰ পিছতে শংকিত হৈ পৰিছে বিধায়কসকল । আজি ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত চলাব বুলি জানিব পৰা গৈছে । 

দেওবাৰৰ সন্ধিয়া ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ঘটনাস্থলী পৰিদৰ্শন কৰি আৰক্ষী আ‌য়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয়, "চিৰিৰ কাষৰ আইনাত যিটো ছিদ্ৰ দেখা পোৱা গৈছে সেই ফুটাটো লক্ষ্য কৰিলে ভিতৰৰ পৰা বাহিৰলৈ কোনো জোঙা বস্তু ওলাই যোৱা যেন অনুমান হয় ৷ বাহিৰৰ পৰা একো হোৱা নাই । সাধাৰণতে বুলেটৰ ফুটা সৰু হয় । আইনাত দেখা ফুটাটো ডাঙৰ ।"

উল্লেখ্য যে, বিধায়ক আৱাসৰ এই ব্ল’কটোত 6 জনকৈ বিধায়ক থাকে । প্ৰথম মহলাৰ আৱাসত বিধায়ক ৰূপজ্যোতি কুর্মী, মৃণাল শইকীয়া । দ্বিতীয় মহলাত ৰকিবুল হুছেইন আৰু ৰফিকুল ইছলাম । তৃতীয় মহলাত থাকে দেৱব্ৰত শইকীয়া আৰু দ্বীপায়ণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক: Dispur MLA Hostel Bullet Spot : দিছপুৰস্থিত বিধায়ক আৱাসৰ আইনাত গুলীৰ আঘাতৰ চিন, ৰহস্য ঘনীভূত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.