Dispur MLA Hostel Bullet Spot : দিছপুৰস্থিত বিধায়ক আৱাসৰ আইনাত গুলীৰ আঘাতৰ চিন, ৰহস্য ঘনীভূত

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:35 PM IST

thumbnail

গুৱাহাটী, ১২ নৱেম্বৰ : দীপাৱলীৰ আনন্দৰ মাজতে মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীৰ দিছপুৰস্থিত বিধায়ক আৱাসত ৰহস্যজনক ঘটনা সংঘটিত হয় । দিছপুৰ বিধায়ক আৱাসৰ চি ব্লকৰ প্ৰথম মহলাত গুলী লগাৰ চিন ।

চি ব্লকৰ প্ৰথম মহলাৰ খটখটিৰ কাষৰ আইনাত গুলী লাগি আইনা ভগাৰ চিন দেখা গৈছে । গুলী ওলাই যোৱাৰ দৰে ছিদ্ৰ দেখা গৈছে আইনাত । প্ৰাথমিকভাৱে এয়া গুলীৰ চিন বুলিয়েই সন্দেহ কৰা হৈছে ৷ অৱশ্যে আৰক্ষীৰ তদন্ততৰ পাচতে আচল ঘটনা পোহৰলৈ আহিব ।

উল্লেখ্য যে উক্ত ব্লকটোত ৬ জনকৈ বিধায়ক থাকে । প্ৰথম মহলাৰ কোৱাটাৰত থাকে বিধায়ক ৰূপজ্যোতি কুর্মী আৰু মৃণাল শইকীয়া । দ্বিতীয় মহলাত থাকে ৰকিবুল হুছেইন আৰু ৰফিকুল ইছলাম । তৃতীয় মহলাত থাকে দেৱব্ৰত শইকীয়া আৰু দ্বীপায়ন চক্ৰৱৰ্তী । আনহাতে VVIP Zoneত এই দৃশ্য দেখাৰ পাচত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক : Girl body found: নিজ কোঠাত ৰহস্যজনক মৃত্যু যুৱতীৰ; প্ৰেমিক অন্তৰ্ধান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.