Mahashtami Puja at Teok: মহাষ্টমী উপলক্ষে জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গোৎসৱস্থলীত অগণন ভক্তৰ সমাৱেশ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 3:55 PM IST

thumbnail

টীয়ক, 22 অক্টোবৰ : আজি মহা অষ্টমী । ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে টীয়কতো মহা অষ্টমীৰ দিনা পুৱাৰে পৰা পূজা মণ্ডপসমূহত পূজা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । পূজাস্থলীসমূহত পুৱাৰে পৰা ভক্তই ধূপ চাকি নৈবদ্য আগবঢ়াই মা দেৱীৰ চৰণত সেৱা লৈছে । টীয়কৰ জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গোৎসৱৰ পূজা মণ্ডপতো দেখা গ’ল অনুৰূপ পৰিৱেশ । পুৱাৰে পৰা বৃহত্তৰ টীয়ক অঞ্চলৰ বহুসংখ্যক দৰ্শনাৰ্থীয়ে ধূপ চাকিৰে মা দেৱীৰ চৰণত সেৱা জনাই কুশল কামনা কৰিছে পৰিয়ালৰ লগতে ৰাজ্যৰ । 

উল্লেখযোগ্য যে জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গা পূজাত আধ্যাত্মিক ৰীতি-নীতিৰে প্ৰতিদিনাৰ পূজা অনুষ্ঠিত কৰাৰ লগতে অসমীয়া সমাজৰ পৰা ক্ৰমাত হেৰাই যোৱাৰ উপক্ৰম ঘটা আই নাম, গোঁসানী নাম, উৰুলি, শংখ বাদন, আৰতি আদিৰ চৰ্চা তথা উঠি অহা প্ৰজন্মক শিকোৱাৰ লগতে আকৰ্ষিত কৰিবলৈ পূজা উদযাপনৰ সমান্তৰালকৈ প্ৰতিদিনাই প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছে আৰু পূৰ্বতকৈ অধিক প্ৰতিযোগীৰ অংশগ্ৰহণে উৎসাহিত কৰিছে উদ্যোক্তাসকলক বুলি জানিব পৰা গৈছে । 

সেয়ে উক্ত পূজাই টীয়কৰ ভিতৰত আধ্যাত্মিকতাৰ সমানে সংস্কৃতিৰ চৰ্চাৰ বাবে এইবাৰ বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু ৰাইজৰ সমাৱেশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Durga Puja 2023: অসমীয়া চাদৰ-মেখেলাৰে সজালে দেৱী প্ৰতিমা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.